গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত অহা ২৬ মাৰ্চত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এল মেচখনৰ টিকট বৃহস্পতিবাৰে আবেলি চাৰি বজাৰ পৰা আনুষ্ঠানিকভাবে অনুৰাগীৰ বাবে অনলাইনত মুকলি কৰি দিয়া হৈছে৷ ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকটিং পাৰ্টনাৰ বুক মাই শ্ব’ত এই মেচখনৰ টিকট মুকলি কৰা হৈছে৷ ইফালে, অহা ৩০ মাৰ্চত গুৱাহাটীত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ টিকট চলিত মাহৰ শেষৰ ফালে মুকলি কৰা হ’ব বুলি আজি সংবাদমেলত দলটোৱে অবগত কৰে৷
ক্ৰিকেটৰ ব্যাপক বিস্তাৰৰ পোষকতাত বিশ্বাস ৰখা তথা¸ উত্তৰ-পূবৰ আবেগিক অনুৰাগীৰ হৃদয়ত গভীৰভাবে সোমাই এটা পৰিয়ালৰ মৰম-শ্ৰদ্ধাৰ বন্ধনৰ শিপাডালক শক্তিশালী কৰাৰ লক্ষ্যৰে নিজৰ নিষ্ঠাক পুনৰ দৃঢ় কৰি আসন্ন টাটা আই পি এল ২০২৫ ৰ বাবে অসমলৈ প্ৰত্যাশাৰে প্ৰত্যাৱৰ্তন কৰিছে ৰাজস্থান ৰয়েলছে৷ ক্ৰমাগত তৃতীয়বাৰৰ বাবে গুৱাহাটীক গৃহ চহৰৰূপে লোৱা ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰৰ অত্যাধুনিক এ চি এ ক্ৰিকেট ষ্টেডিয়ামত অহা ২৬ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৩০ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ছিজনৰ প্ৰথম দুখন ঘৰুৱা মেচত অংশ ল’ব৷ সঞ্জু ছেমছন নেতৃত্বাধীন ৰয়েলছে আই পি এলৰ দুখন হাইভল্টেজ মেচৰ জড়িয়তে অসমলৈ উচ্ছস্তৰৰ ক্ৰিকেট ৰোমাঞ্চৰ পৰিৱেশ লৈ অনাৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰি উত্তৰপূৱৰ অনুৰাগীসকলক ঘৰৰ চোতালতে বিশ্বমানৰ ক্ৰিকেট উপভোগ তথা গৌৰৱময় ঘটনাৰ সাক্ষী হোৱাৰ সুযোগ প্ৰদান কৰিছে৷
আই পি এলৰ সূচী ঘোষণা হোৱাৰ পাছতে উত্তৰ-পূবৰ ক্ৰিকেট অনুৰাগীসকলৰ মাজত গুৱাহাটীত হ’বলগা উভয় মেচৰ উৎকণ্ঠা, চৰ্চা আৰু প্ৰত্যাশা সৃষ্টিৰ সময়তে ৰাজস্থান ৰয়েলছে এমাহ পূৰ্বেই টিকট মুকলি কৰি সকলোকে ষ্টেডিয়ামলৈ অহাৰ আহ্বান জনাইছে৷ অনুৰাগীসকলে ১৬০০ টকাৰ পৰা আৰম্ভ কৰি নিজৰ প্ৰচণ্ড অনুসৰি টিকট ক্ৰয় কৰিব পাৰিব৷ ইফালে, যুৱ অনুৰাগী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজস্থান ৰয়েলছে পাঁচশ টকাৰ বিশেষ টিকটো মুকলি কৰিব৷ এই সুবিধাৰে কিশোৰ-কিশোৰীয়ে অসম গৌৰৱ ৰিয়ান পৰাগকে ধৰি নিজৰ প্ৰিয় তাৰকাসকলক ঘৰৰ খেলপথাৰত মেচ খেলাৰ স্মৰণীয় বাস্তৱক উপভোগ কৰিব পাৰিব৷ অনলাইন টিকটসমূহ কেবল বুকমাইশ্ব’ আৰু ৰাজস্থান ৰয়েলছৰ ৱেবছাইটত উপলব্ধ হ’ব [https://in.bookmyshow.com/sports/rajasthan-royals-vs-kolkata-knight-riders/ET00434150?webview=true ]৷
ইফালে, আজি সাংবাদমেলত অংশ লোৱা ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে গুৱাহাটীত অনুষ্ঠিত প্ৰি-ছিজন শিবিৰ সন্দৰ্ভত মন্তব্য কৰি কয়, ‘আমি আমাৰ খেলৰ বিভিন্ন দিশৰ ওপৰত কাম কৰি আছো৷ শাৰীৰিক কণ্ডিচনিং আৰু ষ্ট্ৰেটেজিক প্লেনিং দুয়োটাতে গুৰুত্ব দি আসন্ন আই পি এল ছিজনলৈ আমি শক্তিশালীভাবে সাজু হৈছো৷ আমাৰ দলটো অনুপ্ৰাণিত লগতে উত্তেজিত, আমি গুৱাহাটীত আমাৰ সময়খিনি সৰ্বোত্তমভাৱে ব্যৱহাৰ কৰিবলৈ আগ্ৰহী৷ অসম ক্ৰিকেট সন্থাৰ সহযোগিতা সুন্দৰ৷ আমাৰ খেলত মনোনিৱেশ কৰিবলৈ প্ৰয়োজনীয় সকলোখিনি ব্যৱস্থা এ চি এ নিশ্চিত কৰিছে৷ উচ্ছমানৰ অনুশীলন উইকেটৰ পৰা আৰম্ভ কৰি উৎকৃষ্ট ফিটনেছ আৰু আৰোগ্যৰ সুবিধালৈকে ইয়াৰ সুবিধাসমূহে আমাক উচ্ছতম পৰ্যায়ত প্ৰশিক্ষণ ল’বলৈ সহায় কৰিছে৷’ ইফালে, ৰয়েলছে নৱাগত ক্ৰিকেটাৰক সুযোগ দিয়া তথা অসমৰ ৰিয়ান পৰাগৰ দৰে প্ৰতিভাক টীম ইণ্ডিয়ালৈ লৈ যোৱাৰ আদৰ্শক সদায়ে আগত লৈ আগবাঢ়িব বুলি ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা প্ৰশিক্ষকজনে কয়৷
ইফালে, ৰাজস্থান ৰয়েলছৰ চিইঅ’ জেক লুছ মেকক্ৰামে দলটো গুৱাহাটীলৈ ঘূৰি অহাৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে, ‘অসমত আমাৰ অনুৰাগীৰ সৈতে এক আবেগিক সম্পৰ্ক গঢ় লৈ উঠিছে৷ মৰম আৰু বিশ্বাসৰ প্ৰতি আমাৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি একেৰাহে তৃতীয় বছৰৰ বাবে আইপিএলৰ অভিজ্ঞতা উত্তৰ-পূবলৈ ঘূৰাই অনাৰ বাবে আমি ৰোমাঞ্চিত হৈছো৷ এই অঞ্চলত ক্ৰিকেটৰ বাবে যি উত্তেজনা আছে সেয়া অবিশ্বাস্য, আৰু কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে দুখন বৃহৎ মেচৰ সৈতে আমি গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অবিস্মৰণীয় মুহূৰ্তৰ সৃষ্টি কৰিবলৈ আগ্ৰহী৷ কলকাতা নাইট ৰাইডাৰ্ছৰ খেলৰ বাবে এতিয়া টিকট বিক্ৰী আৰম্ভ হোৱাৰ লগে লগে আমি মেচত ষ্টেণ্ডসমূহ আমাৰ সমৰ্থকসকলে ভৰি থকা দেখিবলৈ ৰৈ থাকিব৷’ তেওঁ অসমলৈ আই পি এল অনাত আৰ আৰৰ অধ্যক্ষ ৰনজিত বৰঠাকুৰৰ ভূমিকাকো উল্লেখ কৰে৷
ইফালে, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে ৰাজস্থান ৰয়েলছ পুনৰবাৰ গুৱাহাটীত ঘৰুৱা মেচ খেলাটোৱে অসম ক্ৰিকেট সন্থাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি কয়৷ এই প্ৰচেষ্টাই যুৱ ক্ৰিকেটাৰসকলক অনুপ্ৰাণিত কৰাৰ লগতে অঞ্চলটোলৈ বিশ্বমানৰ ক্ৰিকেট অনাৰ ক্ষেত্ৰত আই পি এলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি বিগত দুটা বৰ্ষত অনুৰাগীসকলৰ মাজত উৎসাহ দেখি তেওঁ উৎফুল্লিত হোৱা বুলি ব্যক্ত কৰে৷ গগৈয়ে সকলোকে আগতীয়াকৈ টিকট ক্ৰয় কৰিবলৈও আহ্বান জনায়৷ অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিপ কোৱৰো সংবাদ মেলত উপস্থিত থাকে৷
ইফালে, ‘এক দল, এক ভাষা৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ শ্ল’গানৰে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ দুখনকৈ ঘৰুৱা মেচ গুৱাহাটীলৈ খেলিব অহা ৰাজস্থান ৰয়েলছে অসম তথা উত্তৰ পূৱৰ অনুৰাগীক এইবাৰ আন এক নতুন উপহাৰ দিবলৈ সাজু হৈছে৷ সেই অনুসৰি আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দলটোৱে ক্ৰিকেটপ্ৰেমীক এইবাৰ ষ্টেডিয়ামত খেলুৱৈৰ অনুশীলন উপভোগ কৰাৰ সুযোগ দিব৷ কাইলৈ অৰ্থাৎ ২১ ফেব্ৰুৱাৰীত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ হ’বলগা ৰাজস্থান ৰয়েলছৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰিব পাৰিব ক্ৰিকেটপ্ৰেমীয়ে৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমৰ লোকে এইদৰে এ চি এ ষ্টেডিয়ামত কোনো দলৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰাৰ সুযোগ পাইছে৷ ইয়াৰ বাবে কোনো টিকটৰো প্ৰয়োজন নাই৷ দৰ্শকৰ বাবে মুকলি থাকিব আৰ আৰ দলৰ অনুশীলন৷