অপৰাজেয় ৰাজস্থান ৰয়েলছ IPLৰ পইণ্ট তালিকাৰ শীৰ্ষত

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত যোৱানিশা আৰ চি বিৰ বিৰুদ্ধে মেচ বিজয়ী শতকৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ ২০২৪ ছিজনত ৰাজস্থান ৰয়েলছৰ তাৰকা বেটাৰ জ’ছ বাটলাৰে চমকপ্ৰদ প্ৰত্যাৱৰ্তন কৰিছে৷ উল্লেখ্য যে ৰোমাঞ্চকৰ মেচখনত অপৰাজিত শতকটো সংগ্ৰহ কৰাৰ পূৰ্বে এই ছিজনত অপেনাৰজনৰ ফৰ্ম আছিল নিৰাশাজনক৷ ইংলণ্ডৰ বেটাৰগৰাকীয়ে প্ৰথম তিনিখন মেচত মাত্ৰ ৩৫ ৰানহে সংগ্ৰহ কৰিছিল৷ অৱশ্যে আৰ চি বিৰ বিৰুদ্ধে বাটলাৰৰ বিস্ফোৰক বেটিং দেখি আৰ আৰ দলৰ বলিং প্ৰশিক্ষক শ্বেন বণ্ড মুঠেও আচৰিত হোৱা নাছিল৷ বাটলাৰৰ বেটিং প্ৰসংগত ৰয়েলছৰ সহঃপ্ৰশিক্ষকৰো দায়িত্বত থকা বণ্ডে কয় যে এয়া মাত্ৰ সময়ৰ অপেক্ষাৰ কথা।

মেচৰ পিছৰ সংবাদমেলত নিউজিলেণ্ডৰ প্ৰাক্তন পেচাৰ বণ্ডে কয় ‘প্ৰথম তিনিখন মেচত আমাৰ আৰম্ভনি প্ৰত্যাশিত হোৱা নাছিল৷ কিন্তু বাটলাৰ আৰু যশস্বী জয়ছৱালে যে ফৰ্ম ঘুৰাই পাব তাক লৈ নিশ্চিত আছিলো৷ তেওঁলোকে নেটত প্ৰতিটো বলে ভালদৰে আঘাত কৰি আহিছে৷ সেয়ে আমি কেবল অপেক্ষা কৰি আছিলো৷’ উল্লেখ্য যে শনিবাৰৰ দ্বিতীয় মেচখনত ৫৮টা বলত অপৰাজিত ১০০ ৰান কৰি বাটলাৰে আই পি এলৰ ষষ্ঠ শতক অৰ্জন কৰে৷ তেওঁৰ মেচ বিজয়ী ইনিংছত আছিল নটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰ৷ তেওঁৰ বিস্ফোৰক বেটিঙে ঘৰুৱা দলটোক ১৮৪ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰাত সহায় কৰে তথা আৰ চি বিক ছয় উইকেটত পৰাস্ত কৰি ৰয়েলছে ছিজনৰ ক্ৰমাগত চতুৰ্থ জয়ৰে অপৰাজেয় ধাৰা অব্যাহত ৰাখি পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হয়।

ইফালে, আৰ আৰৰ অধিনায়ক সঞ্জু ছেমছনকো প্ৰশংসা কৰে বণ্ডে৷ ইনিংছৰ প্ৰথম অভাৰতে জয়ছোৱালৰ উইকেট হেৰুৱাই ৰয়েলছ চাপত পৰিছিল যদিও বাটলাৰৰ সৈতে খেল সলনি কৰা ১৪৮ ৰানৰ যুটি গঢ়ি তুলিছিল ছেমছনে৷ ৪২ বলত ৬৯ ৰান কৰা সঞ্জুই আঠটা বাউণ্ডেৰী আৰু দুটা ছিক্সাৰৰে ইনিংছটো সজাইছিল৷ ইফালে, বেটিং সহায়ক উইকেটত ৰয়েলছৰ পাঁচোগৰাকী বলাৰে ইনিংছৰ মধ্যভাগত উৎকৃষ্ট বলিং কৰা বুলি কয় দলৰ বলিং প্ৰশিক্ষক শ্বেনে৷ বিপক্ষক দুশ ৰাণ কৰাৰ পৰা বান্ধি ৰখাত অভিজ্ঞ বৌল্ট, অশ্বিন, চাহাল তথা নৱাগত বাৰ্গাৰ আৰু আভেশক প্ৰশংসা কৰে বণ্ডে৷ ৰয়েলছে পৰবৰ্তী মেচখন অবা দহ এপ্ৰিলত জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামতে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...