৩৭০ অনুচ্ছেদ সম্পৰ্কত মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যত মোদীৰ প্ৰতিক্ৰিয়া

জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কৰা মন্তব্যক উভতি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খাৰ্গেৰ মন্তব্যত লজ্জিত বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে বিহাৰৰ নাৱাদাত এক নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি কয় যে কংগ্ৰেছ নেতা খাৰ্গেই জম্মু-কাশ্মীৰক ভাৰতৰ অংগ ৰূপে বিবেচনা নকৰে। জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাটো আছিল মোদীৰ গেৰাণ্টি। প্ৰধানমন্ত্ৰী মোদীয়ে এই কাম কৰি দেখুৱালে বুলি উল্লেখ কৰে তেওঁ। ভাষন প্ৰসংগত মোদীয়ে লগতে কয় যে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই বাবাচাহেব আম্বেদকাৰৰ সংবিধান ৰক্ষাৰ কথা কৈ আহিছে যদিও জম্মু-কাশ্মীৰত এয়াক কাৰ্যকৰী নকৰিলে। বিজেপি চৰকাৰে সুদীৰ্ঘ দিনৰ মূৰত আম্বেদকাৰৰ সংবিধানক জম্মু-কাশ্মীৰলৈ লৈ যোৱা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে অলপতে ৰাজস্থানত এক নিৰ্বাচনী সভাত কংগ্ৰেছ সভাপতি খাৰ্গেই ৩৭০ অনুচ্ছেদৰ প্ৰসংগ আন ৰাজ্যত অপ্ৰাসংগিক বুলি মন্তব্য কৰিছিল । কংগ্ৰেছ নেতা খাৰ্গেৰ এনে মানসিকতাত লজ্জিত হোৱা বুলি মন্তব্য কৰি মোদীয়ে কয় যে জম্মু-কাশ্মীৰকো বিজেপি চৰকাৰে দেশৰ এক গুৰুত্বপূৰ্ণ অংশৰূপ বিবেচনা কৰে। কংগ্ৰেছ নেতা খাৰ্গেৰ এনে মন্তব্যৰ আত ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক ঘৃণা আৰু দেশ বিৰোধী শক্তিৰ ঘাটি বুলি উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...