ভাৰত আৰু ভূটানৰ মাজত চলিব ৰে’ল


✍️ প্ৰণৱ চেতিয়া

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ যাব পাৰিব ৰে’লেৰে। সলনি হৈছে সময়। প্ৰযুক্তিয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। তাতে আকৌ অতীজৰে পৰা আছে মধুৰ সম্পৰ্ক। হয় অসমৰ পৰা ৰেলেৰে চফৰ কৰিব পাৰিব প্ৰকৃতিৰ ৰম্যভূমি মোহনীয়া ভূটানলৈ। সেউজ ওখ ওখ পাহাৰ চাবলৈ এতিয়া ৰেলত বহিয়েই যাব পাৰিব। দীৰ্ঘদিনীয়া চৰ্চাৰ অন্তত ভাৰতৰ পৰা ভূটানলৈ ৰেল চলাচলৰ সেউজ সংকেত। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ ৰেল যোগাযোগ স্থাপনৰ পদক্ষেপ।

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ দূৰত্ব ৫৭.৫ কিঃমিঃ। এই বাটচোৱাত ব্ৰডগজ ৰেলপথ স্থাপনৰ পদক্ষেপ লোৱা হৈছে। এই সন্দৰ্ভত ২০০৫ চনতে ভাৰত আৰু ভূটানৰ মাজত স্বাক্ষৰিত হৈছিল চুক্তি। ইতিমধ্যে প্ৰাৰম্ভিক জৰীপ আৰম্ভ হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেক কেন্দ্ৰীয় চৰকাৰে অৰ্পণ কৰিছে জৰীপৰ দায়িত্ব। এই ৰেলপথছোৱা নিৰ্মাণত ব্যয় হব ১,০০০ কোটি টকা। এই নিৰ্মাণব্যয় বহন কৰিব ভাৰত চৰকাৰে। তাৰোপৰি নিৰ্মাণ আৰু প্ৰযুক্তিগত দিশতো ভাৰতে সহায় কৰিব ভূটানক। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতে নেপাল আৰু বাংলাদেশকো ৰেল চলাচলত সহায় কৰি আহিছে। ভাৰত আৰু নেপালৰ মাজৰ এই ৰেলপথ সম্ভৱ হৈ উঠিলে দুয়োখন দেশৰ সম্পৰ্কই এক নতুন মাত্ৰা পাব। ভূটানৰ পৰ্যটন ক্ষেত্ৰ আৰু ব্যৱসায়িক দিশত বিশেষভাবে প্ৰভাৱিত হোৱাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিব এই ৰেলসেৱাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...