জাপানত চলি থকা E5 ৰে’ল চলিব ভাৰতত!

জাপানত চলি থকা E5 শৃংখলৰ ৰে’ল ভাৰতত চলাচল কৰিব। বুলেট ট্ৰেইনৰ বাবে ভাৰতীয় অভিযন্তাসকলে কাম ক্ষিপ্ৰ গতিত অব্যাহত ৰাখিছে। ছিভিল ৱৰ্ক, ট্ৰাকৰ কামকে ধৰি সকলো কাম ভাৰতীয় অভিযন্তাসকলে ভাৰততে সম্পন্ন কৰিছে। বাকী থকা আসোঁৱাহ বা আগন্তুক দিনৰ সমস্যাৰে মোকাবিলা কৰিবলৈ কাম অব্যাহত ৰাখিছে দক্ষ অভিযন্তাসকলে। সংসদত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। মন্ত্ৰীগৰাকীৰ মতে, ভাৰতীয় ৰেলখণ্ডক ব্যক্তিগতকৰণ কৰা নহয়। জনপ্ৰিয় ৰাজহুৱা পৰিবহন ব্যৱস্থাটোক কোনো ব্যক্তিগত খণ্ডৰ হাতত গটাই নিদিয়ে। জাপানৰ ৰেলপথত চলি থকা বুলেট ট্ৰেইন ভাৰতৰ ভূমিত চলাচলৰ সপোন পূৰণ কৰিব অভিযন্তাসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...