ৰাহুল গান্ধীৰ টুইটাৰ একাউন্টটো হঠাৎ বন্ধ হৈ গৈছিল কিয়?

কিছু সময়ৰ পূৰ্বে কংগ্ৰেছ দলে সদৰী কৰিছিল যে দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্টটো সাময়িকভাৱে স্থগিত কৰা হৈছে। অৱশ্যে, জনপ্ৰিয় মাইক্ৰ’ ব্লগিং ছাইটটোৰ দ্বাৰা এই কথা অস্বীকাৰ কৰাৰ পিছত, দলটোৱে কৈছে যে একাউণ্টটো অস্থায়ীভাৱে লকহে কৰা হৈছে। কংগ্ৰেছে টুইটাৰৰ বিৰুদ্ধে এই অভিযোগটো এনে এটা সময়ত লৈ আহিছে যেতিয়া টুইটাৰে এদিন পূৰ্বে ৰাহুলৰ দ্বাৰা পোষ্ট কৰা এখন ছবি আঁতৰাই দিছিল য’ত এগৰাকী ধৰ্ষিতাৰ পৰিচয় প্ৰকাশ হৈছিল।

কংগ্ৰেছ দলে এক টুইটযোগে লিখিছিল, “ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্ট অস্থায়ীভাৱে স্থগিত কৰা হৈছে আৰু ইয়াক পুনৰুদ্ধাৰ কৰাৰ প্ৰক্ৰিয়াটো অনুসৰণ কৰা হৈছে। তেতিয়ালৈকে তেওঁ আন সামাজিক মাধ্যমৰ মাধ্যমৰ জৰিয়তে আপোনাৰ সৈতে জড়িত হৈ থাকিব আৰু জনসাধাৰণৰ হৈ মাত মাতি থাকিব আৰু তেওঁলোকৰ বাবে যুঁজ দি থাকিব।”

প্ৰকৃততে কি হৈছিল ঘটনাটো?

দিল্লীত ধৰ্ষণৰ অভিযোগত মৃত্যু হোৱা এগৰাকী ৯ বছৰীয়া দলিত কিশোৰীৰ পৰিয়ালক সাক্ষাৎ কৰা এখন ফটোত দেখা গৈছিল ৰাহুল গান্ধীক। যিখন ফটোত ধৰ্ষিতাৰ সম্পূৰ্ণ পৰিচয় পোহৰলৈ আহিছিল। যিটো টুইটাৰৰ নীতি বিৰুদ্ধ বিষয় হিচাপে বিবেচিত হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পুনৰ মহানগৰীত যুৱতীৰ আত্মহত্যা

পুনৰ মহানগৰীত যুৱতীৰ আত্মহত্যা। গীতানগৰৰ মনালিছা পথৰ হাউচ নং...

ছেঈফ আলী খানৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ

ছেঈফ আলী খানৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ। ছত্তিশগড়ত কৰায়ত্ত আক্ৰমণকাৰীক। বৰ্তমান...

‘আপ’ৰ নেতা অৰবিন্দ কেজৰিৱালৰ গাড়ীত আক্ৰমণ

‘আপ’ৰ নেতা অৰবিন্দ কেজৰিৱালৰ গাড়ীত আক্ৰমণ। সমদলত ভাগ লোৱাৰ...

লণ্ডনত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বৰাৰ

'এডভেন্টেজ অসম ২.০'ৰ প্ৰচাৰ আৰু বিনিয়োগকাৰীক অসমলৈ আকৰ্ষিত কৰাৰ...