চীনৰ নতুন মানচিত্ৰক লৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

চীনৰ শেহতীয়া মানচিত্ৰত অৰুণাচল প্ৰদেশ আৰু আকছাই চীনৰ অন্তৰ্ভুক্তিক লৈ এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। চীনৰ এই দাবীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বিবৃতি বিচাৰিছে ৰাহুল গান্ধীয়ে। লাডাখৰ বহু অঞ্চল চীনৰ দখলৰ পৰা উদ্ধাৰ কৰি চৰকাৰে কৰি অহা দাবীৰ বিপৰীতে ৰাহুল গান্ধীয়ে কয়– চৰকাৰৰ এই দাবীৰ কোনো সত্যতা নাই। এতিয়াও লাডাখৰ বহু অঞ্চল চীনৰ নিয়ন্ত্ৰণতে আছে বুলি দাবী কৰে কংগ্ৰেছ নেতাজনে।

চীনৰ নতুন মানচিত্ৰক লৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী মোদীৰ পৰা বিবৃতি দাবী ৰাহুলৰ

এতিয়াও লাডাখৰ বহু অঞ্চল চীনৰ নিয়ন্ত্ৰণত

চীনে দখল কৰা ভূমি উদ্ধাৰ কৰিব পৰা নাই চৰকাৰে

চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশ আৰু আকছাই চীনক নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ পিছত সম্প্ৰতি দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। লাডাখ ভ্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চৰকাৰৰ ভূমিকাত সৰৱ হৈ পৰাৰ লগতে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি প্ৰকাশ কৰিবলৈ দাবী জনায়। কংগ্ৰেছ নেতাজনে কয় যে, লাডাখ সীমান্তত চীনৰ সৈতে ভাৰতৰ সংঘাত এতিয়াও অব্যাহত আছে। প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ নিয়ন্ত্ৰণত থকা লাডাখৰ অঞ্চলসমূহ নিজৰ দখললৈ অনা বুলি দাবী কৰিছে যদিও প্ৰধানমন্ত্ৰীৰ এই দাবীক ভুৱা আখ্যা দিয়ে ৰাহুলে। লাডাখৰ বহু অঞ্চল এতিয়াও চীনৰ নিয়ন্ত্ৰণত থকা বুলি দাবী কৰি ৰাহুল গান্ধীয়ে লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰে লাডাখত চীন চৰকাৰৰ সৈতে চলি থকা সংঘাত তথা বহু অঞ্চল নিজৰ নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লৈছে। শীঘ্ৰেই বিবৃতি প্ৰকাশেৰে প্ৰধানমন্ত্ৰী মোদীক এই কথা নিশ্চিত কৰাৰ দাবী জনায় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। চৰকাৰৰ বিৰুদ্ধে ৰাহুলৰ স্পষ্ট অভিযোগ–

চীনে দখল কৰা লাডাখৰ এক ইঞ্চি ভূমিও উদ্ধাৰ কৰিব পৰা নাই ভাৰতে

প্ৰধানমন্ত্ৰীৰ দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন, এয়া মোদীৰ মিথ্যাচাৰ

এতিয়াও অব্যাহত আছে চীনৰ আগ্ৰাসন, এই কথা সমগ্ৰ লাডাখেই জানে

মানচিত্ৰত ভাৰতৰ ভূমি সংযোজন কৰাটো অতি ছিৰিয়াছ বিষয়

বিগত কেইবাবছৰ ধৰি চীনে লাডাখৰ বহু অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ নিছে যদিও প্ৰধানমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে নিষ্ক্ৰিয় ভূমিকা পালন কৰি অহা বুলি ৰাহুল গান্ধীয়ে অভিযোগ কৰে। কংগ্ৰেছ নেতা ৰাহুলৰ লগতে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়েও অনুৰূপ মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ উদ্দেশ্যে সুব্ৰমণিয়াম স্বামীয়ে কয় যে– এৰাব নোৱাৰা কাৰণত ভাৰত মাতাৰ অখণ্ডতা ৰক্ষা কৰিব নোৱাৰিলে এই দায়িত্বৰ পৰা অব্যাহতি লোৱা উচিত। ভাৰতে কোনো কাৰণতে আৰু এজন নেহৰুক আদৰি ল’ব নোৱাৰে। টুইটযোগে এই কথা প্ৰকাশ কৰি সুব্ৰমণিয়াম স্বামীয়ে শীঘ্ৰে চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...