পাকিস্তানৰ গোলাবৰ্ষণত অনাথ হোৱা শিশুৰ দায়িত্ব ল’লে ৰাহুল গান্ধীয়ে

ভাৰত-পাক সামৰিক সংঘাতৰ সময়ত পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুৱা শিশুসকলৰ পঢ়া-শুনাৰ ব্যয় বহন কৰিবলৈ আগবাঢ়িছে ৰাহুল গান্ধী। জম্মু আৰু কাশ্মীৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হামিদ কাৰৰাই জনোৱা মতে, লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীয়ে অনাথ হৈ পৰা ২২জন শিশুৰ পঢ়া-শুনাৰ দায়িত্ব নিজৰ কান্ধত তুলি লৈছে। এই শিশুসকলৰ স্নাতক স্তৰৰ পঢ়া-শুনা সম্পূৰ্ণ নোহোৱালৈকে তেওঁ তেওঁলোকৰ শিক্ষাৰ খৰচ বহন কৰিব।

‘অপাৰেশ্যন সিন্দূৰ’ৰ পিছত চাৰিদিনীয়া ভাৰত-পাক সামৰিক সংঘাতত জম্মু আৰু কাশ্মীৰত ২১জন সাধাৰণ লোকৰ মৃত্যু হৈছিল। সৰ্বাধিক মৃত্যু হৈছিল জম্মুৰ পুঞ্চ জিলাত। এই জিলাৰ পাক সীমান্তৰ গাঁওবোৰত পাক সেনাই গোলাবৰ্ষণ আৰম্ভ কৰিছিল। বিগত মে’ মাহত ৰাহুল গান্ধী পুঞ্চলৈ গৈছিল। প্ৰদেশ কংগ্ৰেছৰ সূত্ৰ মতে, সেই সময়ত তেওঁ মাতৃ-পিতৃক হেৰুৱা শিশুসকলৰ নামৰ তালিকা এখন তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিছিল। পাক গোলাবৰ্ষণত যিসকলে পিতৃ-মাতৃ দুয়োজনকে হেৰুৱাইছে, বা যিসকলৰ পৰিয়ালৰ একমাত্ৰ ৰোজগাৰী ব্যক্তিৰ মৃত্যু হৈছে, তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। পিছত চৰকাৰী নথিৰ সৈতে মিলাই এই তালিকা চূড়ান্ত কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে জনোৱা মতে, বুধবাৰৰ ভিতৰত প্ৰথম কিস্তিৰ ধন এই শিশুসকলৰ ওচৰত পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...