পাকিস্তানৰ গোলাবৰ্ষণত অনাথ হোৱা শিশুৰ দায়িত্ব ল’লে ৰাহুল গান্ধীয়ে

ভাৰত-পাক সামৰিক সংঘাতৰ সময়ত পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুৱা শিশুসকলৰ পঢ়া-শুনাৰ ব্যয় বহন কৰিবলৈ আগবাঢ়িছে ৰাহুল গান্ধী। জম্মু আৰু কাশ্মীৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হামিদ কাৰৰাই জনোৱা মতে, লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীয়ে অনাথ হৈ পৰা ২২জন শিশুৰ পঢ়া-শুনাৰ দায়িত্ব নিজৰ কান্ধত তুলি লৈছে। এই শিশুসকলৰ স্নাতক স্তৰৰ পঢ়া-শুনা সম্পূৰ্ণ নোহোৱালৈকে তেওঁ তেওঁলোকৰ শিক্ষাৰ খৰচ বহন কৰিব।

‘অপাৰেশ্যন সিন্দূৰ’ৰ পিছত চাৰিদিনীয়া ভাৰত-পাক সামৰিক সংঘাতত জম্মু আৰু কাশ্মীৰত ২১জন সাধাৰণ লোকৰ মৃত্যু হৈছিল। সৰ্বাধিক মৃত্যু হৈছিল জম্মুৰ পুঞ্চ জিলাত। এই জিলাৰ পাক সীমান্তৰ গাঁওবোৰত পাক সেনাই গোলাবৰ্ষণ আৰম্ভ কৰিছিল। বিগত মে’ মাহত ৰাহুল গান্ধী পুঞ্চলৈ গৈছিল। প্ৰদেশ কংগ্ৰেছৰ সূত্ৰ মতে, সেই সময়ত তেওঁ মাতৃ-পিতৃক হেৰুৱা শিশুসকলৰ নামৰ তালিকা এখন তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিছিল। পাক গোলাবৰ্ষণত যিসকলে পিতৃ-মাতৃ দুয়োজনকে হেৰুৱাইছে, বা যিসকলৰ পৰিয়ালৰ একমাত্ৰ ৰোজগাৰী ব্যক্তিৰ মৃত্যু হৈছে, তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। পিছত চৰকাৰী নথিৰ সৈতে মিলাই এই তালিকা চূড়ান্ত কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে জনোৱা মতে, বুধবাৰৰ ভিতৰত প্ৰথম কিস্তিৰ ধন এই শিশুসকলৰ ওচৰত পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...