চুবুৰীয়াৰ উপহাস…পিতৃয়ে প্ৰাণ ল’লে কন্যাৰ

প্ৰতিভাৱান টেনিছ খেলুৱৈক গুলীয়াই হত্যা। পাষাণ পিতৃয়ে গুলীয়াই থকাসৰকা কৰিলে ৰাধিকা যাদৱৰ শৰীৰ। টেনিছ একাডেমী বন্ধ নকৰাৰ বাবেই আঘাত লাগিল পিতৃৰ তথাকথিত স্বাভিমানত। হঠাৎ পিতৃৰ পিতৃৰ গুলীত প্ৰাণ গ’ল ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ ৰাধিকা যাদৱৰ।

বৃহস্পতিবাৰে পাকঘৰত আহাৰ সাজু কৰি আছিল ৰাধিকাই। হঠাৎ গৰজি উঠিল পিতৃ দীপক যাদৱৰ ৰিভলভাৰ। পিছফালৰ পৰা ৰাধিকালৈ লক্ষ্য কৰি ৫ জাঁই গুলী চলালে দীপকে। তিনিটা গুলী লগা ৰাধিকা বাগৰি পৰিল মজিয়াত।

হাৰিয়ানাৰ গুৰগ্ৰামত সংঘটিত হ’ল এই লোমহৰ্ষক ঘটনা। নিজৰ ঘৰতে পিতৃয়ে গুলীয়াই হত্যা কৰিলে ৰাজ্যিক পৰ্যায়ৰ মহিলা টেনিছ খেলুৱৈ ২৫ বছৰীয়া ৰাধিকাক। ঘটনাৰ পিছতে গ্ৰেপ্তাৰ কৰা হ’ল অভিযুক্ত পিতৃ কীপক যাদৱক। আদালততো হাজিৰ কৰোৱা হয়। দীপকে আৰক্ষীৰ আগত জীয়ৰীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। বৃহস্পতিবাৰে সংঘটিত হোৱা গুৰগ্ৰামৰ লোমহৰ্ষক ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিন্তু কিয় পিতৃয়ে হত্যা কৰিলে ৰাধিকাক? জীয়ৰীক হত্যা কৰাৰ পিছতে গ্ৰেপ্তাৰ হোৱা দীপক যাদৱে প্ৰকাশ কৰিছে তথাকথিত স্বাভিমানৰ বাবেই হত্যা কৰিলে ৰাধিকাক। ৰাধিকাই ৰীল বনাইছিল। টেনিছ একাডেমী খুলি উপাৰ্জন কৰিছিল ধন।

আঘাতৰ বাবে টেনিছ খেলিব পৰা নাছিল কিছু দিন। এখন টেনিছ একাডেমী খুলি উপাৰ্জনৰ পথ মুকলি কৰিছিল। কিন্তু এই টেনিছ একাডেমী কাল হ’ল ৰাধিকাৰ বাবে। ওচৰ–চুবুৰীই দীপকক জীয়ৰীৰ টকাৰে চলা বুলি উপহাস কৰিছিল। ইয়াতে সন্মানত লাগিল দীপকৰ। ৰাধিকাক টেনিছ একাডেমীখন বন্ধ কৰিবলৈ কৈছিল দীপকে। পিতৃৰ কথা শুনা নাছিল ৰাধিকাই। ৰাধিকাই ৰিল বনোৱাক লৈয়ো বহুতে চৰিত্ৰ বেয়া হোৱা বুলি প্ৰচাৰ কৰিছিল। শেষত জীয়ৰীৰে প্ৰাণ কাঢ়ি ল’লে দীপকে। একেটা ঘৰতে থকা ৰাধিকাৰ মাতৃয়েও জনা নাছিল স্বামীৰ পৰিকল্পনাৰ বিষয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...