গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা

বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ দৰে এইবাৰো অহা ২৬-২৭ নৱেম্বৰত গুৱাহাটীত দুদিনীয়াকৈ আয়োজন কৰিছে দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক আলোচনা চক্ৰ৷ এইবাৰ আলোচনাৰ বিষয় হ’ল, তৃতীয় মেৰু আৰু হিমসাগৰ [পূব হিমালয়]ৰ ভৱিষ্যত৷ এই অনুষ্ঠানত অংশ লোৱাৰ বাবে দেওবাৰে গুৱাহাটীত উপস্থিত হয় কংগো গণৰাজ্যৰ কাছাইৰ বাকৱা লুণ্টু জনগোষ্ঠীৰ পৰম্পৰাগত শাসক এইচ আৰ এইচ ৰাণী ডিয়াম্বি কাবাটুছুইলা৷

২০১৬ চনত ৰয়েল হাইনেছক বাকৱা লুণ্টু জনগোষ্ঠীৰ ৰাণী হিচাপে অধিষ্ঠিত কৰাৰ পাছৰে পৰাই তেওঁ ব্ৰাজিলৰ বাKI×ু জনগোষ্ঠীৰ ৰাণী মাতৃ হিচাপে সন্মানিত হৈছে৷ একেসময়তে গ্ৰেণ্ডে মা ডু প’ভ’ বাKI×ু ডু ব্ৰাজিল উপাধিও লাভ কৰে৷ ৰাণী ডিয়াম্বিৰ সংস্থা এলিকিয়া হোপ ফাউণ্ডেশ্যনে জনগোষ্ঠীটোৰ ৪০ হেজাৰ শিশুৰ বাবে বিশুদ্ধ পানী, চিকিৎসা ব্যৱস্থা আৰু শিক্ষাৰ সুবিধা প্ৰদান কৰিছে কৰিছে৷ ৰাণী ডিয়াম্বি এগৰাকী সক্ৰিয় পৰিৱেশবিদ৷ তেওঁ প্লাষ্টিক আৰু প্লাষ্টিকৰ আৱৰ্জনা নিৰ্মূলৰ কামত জড়িত হৈ¸ কংগো অৱবাহিকাৰ চহকী, ঘন বৰ্ষাৰণ্য ৰক্ষাৰ দিশত অবিৰত কাম কৰি আছে৷ তৃতীয় মেৰু আৰু হিমসাগৰ [পূব হিমালয়]ৰ ৰক্ষাৰ বাবে সবল কণ্ঠস্বৰৰে জনতাক জাগ্ৰত কৰি আহিছে৷

উল্লেখ্য যে এঘাৰ লাখ বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকাত বিস্তৃত তৃতীয় মেৰুৰ অৰণ্যসমূহ আমাজন বৰ্ষাৰণ্যৰ পিছতে বিশ্বৰ দ্বিতীয় বৃহত্তম বৰ্ষাৰণ্য৷ ২০২৪ চনত এই বনাঞ্চলসমূহত কাৰ্বন নিষ্কাশনৰ প্ৰভাৱ পৰিছে৷ আনহাতে বন্য অগ্নিকাণ্ড আৰু অবাধ কাঠ কটাৰ বাবে পৰিসৰ আৰু সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বন আহিপৰিছে৷ সেয়ে তৃতীয় মেৰুৰ দৰে মূল পৰিৱেশ তন্ত্ৰৰ লগতে বিশ্ব জলবায়ু যুদ্ধৰ বাবে ইয়াৰ সুৰক্ষা অতি প্ৰয়োজনীয় হৈ পৰিছে৷

গুৱাহাটীত ৰাণী ডিয়াম্বিক আদৰণি জনাই বালিপাৰা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰে কয় যে, ‘আমি যদি কেৱল দক্ষিণ এছিয়াৰেই নহয়, আমাৰ গ্ৰহটোৰো অস্তিত্ব নিশ্চিত কৰিব বিচাৰো তেন্তে তৃতীয় মেৰুক বিশ্বৰ মঞ্চলৈ অনাটো অতি প্ৰয়োজনীয়৷ এই বছৰৰ মঞ্চৰ বাবে আমাৰ দৃষ্টিভংগী হৈছে ভাগ-বতৰা সংগ্ৰামৰ সৈতে বিশ্ব সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক গঢ়ি তোলা৷ বিশেষকৈ কংগোৰ সৈতে, যাৰ বৰ্ষাৰণ্যসমূহ জৈৱ বৈচিত্ৰ্য আৰু জলবায়ুৰ বাবে বিশ্বব্যাপী কাৰ্যসূচীৰ বাবে অপৰিসীম গুৰুত্বপূৰ্ণ৷’

উল্লেখ্য যে বিশ্বৰ ১৫ খন দেশৰ ৮০ গৰাকী শীৰ্ষ ব্যক্তি যোগদান কৰিব লগা দুদিনীয়া আলোচনাচক্ৰত জলবায়ু ব্যৱস্থা তথা কোটি কোটি লোকৰ জীৱন, জীৱিকা আৰু জলভাগৰ ভৱিষ্যতৰ বাবে তৃতীয় মেৰুত জলবায়ুৰ ওপৰত জৰুৰী ব্যৱস্থা লগতে কাৰ্য প্ৰনালীৰ প্ৰয়োজনীয়তাৰ বিষয়ে অন্বেষণ কৰা হ’ব৷ ‘তৃতীয় মেৰু আৰু হিমসাগৰ [পূব হিমালয়]ৰ ভৱিষ্যত’ বিষয় লৈ আলোচনা কৰিব বিশ্বৰ আগশাৰীৰ কণ্ঠস্বৰ যেনে লণ্ডন স্কুল অৱ ইকনমিক্সৰ গ্ৰেন্থাম ৰিচাৰ্চ ইনষ্টিটিউটৰ অধ্যক্ষ লৰ্ড নিকোলাছ ষ্টাৰন, ছিংগাপুৰৰ গুগল এছিয়া পেচিফিক আঞ্চলিক বহনক্ষমতা মুৰব্বী স্পেন্সৰ ল’ আৰু ৰাষ্ট্ৰসংঘৰ সদিচ্ছা ৰাষ্ট্ৰদূত তথা অভিনেত্ৰী দিয়া মিৰ্জা লগতে ভাৰতৰ কৰ্পৰেট আৰু পৰিৱেশ খণ্ডৰ গুৰুত্বপূৰ্ণ আগশাৰীৰ ব্যক্তি এইচ ডি এফ চিৰ উপ-পৰিচালন সঞ্চালক কাইজাদ ভাৰুচা, টাটা ষ্টীলৰ ভি পি [কৰ্পৰেট সেৱা] চানক্য চৌধুৰী, টাটা পাৱাৰৰ এম ডি এণ্ড চি ই অ’ প্ৰবীৰ সিনহা, ড॰ বিভা ধাৱন আদিৰ লগতে দেশ-বিদেশৰ কেবাজনো আগশাৰীৰ পৰিৱেশকৰ্মী আৰু বিশিষ্ট সাংবাদিকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...