অভিনেতা দীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু, কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ সময়ত লালকিল্লাত উৰুৱাইছিল পতাকা

অভিনেতা দীপ সিদ্ধুৰ এক পথ দুৰ্ঘটনাত আকস্মিক মৃত্যু ঘটিছে। পঞ্জাৱৰ অভিনেতাগৰাকী লালকিল্লাত পতাকা উৰুৱাৰ পিছতে দেশজুৰি চৰ্চালৈ আহিছিল। কুণ্ডলী মানেচাৰ বা কেএমপি এক্সপ্ৰেছৱে অঞ্চলত সংঘটিত হৈছিল দুৰ্ঘটনা। দীপ সিদ্ধুৱে সহযোগীসকলৰ সৈতে দিল্লীৰ পৰা পঞ্জাৱলৈ উভতি যোৱাৰ সময়তে অঘটন।


প্ৰাৰম্ভিক তথ্য অনুসৰি দীপ সিদ্ধুৰ গাড়ীখনে ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে। যাৰ ফলত অভিনেতা দীপ সিদ্ধুৰ মৃত্যু হয়। দুৰ্ঘটনাৰ সময়ত দীপ সিদ্ধুৱে গাড়ীখন চলাই গৈছিল। সিদ্ধুৰ সৈতে যাত্ৰা কৰা এগৰাকী মহিলাও গুৰুতৰভাবে আহত হৈছে।


উল্লেখ্য যে, ১৯৮৪ চনৰ এপ্ৰিল মাহত পঞ্জাৱৰ মুক্তচৰ জিলাত জন্মগ্ৰহণ কৰা দীপ সিদ্ধুৱে মডেলিঙেৰে কেৰিয়াৰ আৰম্ভ কৰিছিল। আইন বিষয়তো অধ্যয়ন কৰিছিল। কিংফিছাৰ মডেল হাণ্ট প্ৰতিযোগিতাৰো বিজয়ী আছিল। মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত মিষ্টাৰ পাৰ্চনেলিটিৰ খিতাপো জিকিছিল। ২০১৫ চনত প্ৰথমখন পাঞ্জাৱী ছবি ‘ৰামতা যোগী’ মুক্তি পাইছিল। অৱশ্যে ২০১৮ চনৰ জোৰা দাস নম্বৰিয়া চিনেমাখনৰ পিছতহে খ্যাতি অৰ্জন কৰিছিল, য’ত এজন গুণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছিল।


প্ৰণিধানযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ আন্দোলনৰ সময়ত দীপ চৰ্চালৈ আহিছিল। তেওঁক যোৱা বছৰৰ ২৬ জানুৱাৰীত লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাত অভিযুক্ত কৰা হৈছিল। দীপ সিদ্ধুকো এই গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ লগতে সিদ্ধুৱে পঞ্জাৱ নিৰ্বাচনত অমৰগড়ৰ পৰা শিৰোমণি অকালি দল অমৃতসৰৰ মুৰব্বী চিমৰনজিৎ সিং মানৰ হৈও প্ৰচাৰ চলাইছিল।


আনহাতে, দীপ সিদ্ধুক কৃষক সংগঠনৰ বিশিষ্ট নেতাসকলে দিল্লী সীমান্তত ভাষণ দিয়াৰ সুযোগ দিয়া নাছিল। দীপ সিদ্ধুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কৃষক নেতাসকলৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। কৃষক আন্দোলনৰ সময়ত এজন আৰক্ষী বিষয়াৰ সৈতে ইংৰাজীত তৰ্ক কৰি থকাৰ ভিডিঅ’ ব্যাপক চৰ্চালৈ আহিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...