বিধানসভা নিৰ্বাচন পিছুওৱাৰ দাবী পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

বিধানসভা নিৰ্বাচন পিছুৱাবলৈ দাবী জনাইছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে। অহা ১৪ ফেব্ৰুৱাৰীত গুৰু ৰবিদাস জয়ন্তীৰ বাবে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ দিন ৬দিন পিছুওৱাবলৈ দাবী জনাই নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী চিন্নীয়ে। উল্লেখ্য যে, ৰাজ্যখনৰ ১১৭টা বিধানসভা সমষ্টিত অহা ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’‍ব বুলি নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব অহা ১০ মাৰ্চত। মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰলৈ প্ৰেৰণ কৰা পত্ৰত মু্খ্যমন্ত্ৰী চান্নীয়ে উল্লেখ কৰে যে অহা ১৬ ফেব্ৰুৱাৰীত গুৰু ৰবিদাসৰ জন্ম বাৰ্ষিকী। ৰাজ্যখনৰ ৩২ শতাংশ লোকেই অনুসূচীত জাতি হোৱা হেতুকে পিছুৱাই দিয়া উচিত বুলি মুখ্যমন্ত্ৰীয়ে কয়। অৱশ্যে, এতিয়ালৈকে নিৰ্বাচন আয়োগে কোনো সিদ্ধান্ত প্ৰকাশ কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...