বাহিনী নৈৰ বুকুত হোৱা অবৈধ নিৰ্মাণকাৰ্যত অনুমতি প্ৰদান কৰা পৌৰ নিগমৰ বিষয়ববীয়াৰ বিৰুদ্ধে হ’ব শাস্তিমূলক ব্যৱস্থা

বিভাগীয় বিষয়াসকলক লগত লৈ মহানগৰীৰ বিভিন্ন স্থানত বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে গুৱাহাটী পৌৰ নিগম আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকলক লগত লৈ মহানগৰীৰ বাহিনী নদীৰ পাৰৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ অধীনত ৰূপায়িত বিভিন্ন কাম-কাজৰ বুজ লোৱাৰ লগতে বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চলসমূহো পৰিদৰ্শন কৰে৷ ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী পইণ্টৰ সমীপৰ বাহিনী নদীৰ দলঙৰ পৰা আৰম্ভ কৰা এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানা, সুন্দৰপুৰ, ৰাজধানী নাৰ্ছাৰী, লক্ষ্মীনগৰ, নয়নপুৰ, হেঙেৰাবাৰী, দিছপুৰ ৰ’টাৰী, ডাউন টাউন, ৰুক্মিনীগাঁও পিবকো পইণ্ট আদি বিভিন্ন এলেকাত বাহিনী নদীৰ দুয়োফালে হোৱা বেদখলৰ বুজ লয়৷

কেতবোৰ এলেকাত নদীখনৰ গতিপথ সংকুচিত কৰি একাংশ লোকে দেৱাল, বাসগৃহ আদি নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি এনে অবৈধ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰা গুৱাহাটী পৌৰ নিগমৰ দোষী বিষয়ববীয়াৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষপ গ্ৰহণ কৰিবলৈ কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে৷ মহানগৰীৰ একাংশ নাগৰিকৰ অবিবেচক কাৰ্যকলাপৰ বাবে বাহিনী নদীৰ বুকু সীমাহীন আৱৰ্জনা, প্লাষ্টিকৰ বটল, পলিথিন আদিৰে ভৰি পৰাৰ লগতে গতিপথ সংকুচিত হৈ নদীখন মৃতপ্ৰায় হৈ পৰাৰ প্ৰসংগত আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় যে বাহিনী, ভৰলু আদি নদীৰ পানী সংবহন ক্ষমতা স্বাভাৱিক ৰূপলৈ ঘূৰাই আনিব নোৱাৰিলে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাটো সম্ভৱ নহ’ব৷ সেয়ে তেওঁ মহানগৰীৰ বাসিন্দাসকলক এইক্ষেত্ৰত সজাগ আৰু সংবেদনশীলতাৰ পৰিচয় দিবলৈ আহ্বান জনায়৷

এই পৰিদৰ্শনকালত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ লগতে পৌৰ নিগমৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...