ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা নগাঁও এনকাউণ্টাৰৰ আজি ৰাজহুৱা শুনানি

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা নগাঁৱৰ এনকাউণ্টাৰ সন্দৰ্ভত আজি নগাঁৱত ৰাজহুৱা শুনানি। প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিব ঘটনাৰ তদন্তৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে। আজি বিয়লি ২ বজাৰ পৰা ৪ বজালৈ নগাঁৱৰ আৱৰ্ত ভৱনত গ্ৰহণ কৰা হ’ব সাক্ষ্য। ইতিমধ্যে গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰা সাক্ষ্য গ্ৰহণ কৰা হৈছে।

নগাঁৱৰ কচলুখোৱাত এণ্টি নাৰ্ক’টিক স্কোৱাডে চলোৱা অভিযানত গুলীবিদ্ধ হৈছিল কীৰ্তিকমল বৰা। ইয়াৰ পিছতে উত্তাল হৈ পৰিছিল সমগ্ৰ নগাঁও চহৰ। ইতিমধ্যে গুলীচালনা কৰা আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল ৭ দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ হ’ব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...