ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা নগাঁও এনকাউণ্টাৰৰ আজি ৰাজহুৱা শুনানি

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা নগাঁৱৰ এনকাউণ্টাৰ সন্দৰ্ভত আজি নগাঁৱত ৰাজহুৱা শুনানি। প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিব ঘটনাৰ তদন্তৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে। আজি বিয়লি ২ বজাৰ পৰা ৪ বজালৈ নগাঁৱৰ আৱৰ্ত ভৱনত গ্ৰহণ কৰা হ’ব সাক্ষ্য। ইতিমধ্যে গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰা সাক্ষ্য গ্ৰহণ কৰা হৈছে।

নগাঁৱৰ কচলুখোৱাত এণ্টি নাৰ্ক’টিক স্কোৱাডে চলোৱা অভিযানত গুলীবিদ্ধ হৈছিল কীৰ্তিকমল বৰা। ইয়াৰ পিছতে উত্তাল হৈ পৰিছিল সমগ্ৰ নগাঁও চহৰ। ইতিমধ্যে গুলীচালনা কৰা আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল ৭ দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ হ’ব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...