ন্যায়ৰ বাবে ৭ দিন ধৰি একেৰাহে প্ৰতিবাদ

সপ্তম দিনত ভৰি দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদে। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো অব্যাহত আছে অস্থায়ী গ্ৰামোন্নয়ন কৰ্মচাৰীৰ প্ৰতিবাদ। কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অস্থায়ী কৰ্মচাৰীসকলেও সপ্তম দিনৰ বাবে পালন কৰিছে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী। ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ সুনিশ্চিত কৰা, সম কামৰ সম মৰ্যাদা দিয়াৰ লগতে বিভিন্ন দাবীত বিগত ৬ দিনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো গা লৰা নাই চৰকাৰৰ। ফলত অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ চলাই যোৱাৰ হুংকাৰ দিছে ঠিকাভিত্তিক কৰ্মচাৰী সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...