নগাঁও-গুৱাহাটীত দীপাংকৰ মেধিক নিগ্ৰহৰ প্ৰতিবাদ

নৰেন্দ্ৰ কুমাৰ শ্বাহ। নগাঁও জিলা আয়ুক্ত। এজন সাংবাদিকক কেৱল প্ৰশ্ন সোধা বাবেই কাৰ্যালয়ৰ ভিতৰত প্ৰহাৰ কৰি শুকুৰবাৰৰ পৰাই বিতৰ্কত সাঙোৰ খাইছে এইজন বিতৰ্কিত IAS বিষয়া। ভুক্তভোগী সাংবাদিকজন দীপাংকৰ মেধি। গুৱাহাটীৰ এটা ছেটেলাইট নিউজ চেনেলৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ। নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত এগৰাকী অৱসৰপ্ৰাপ্ত চাকৰিয়াল মহিলাৰ হৈ নগাঁও জিলা আয়ুক্তক প্ৰশ্ন কৰিবলৈ গৈ অহংকাৰী DCৰ আক্ৰমণৰ বলি হৈছিল দীপাংকৰ মেধি। জিলা আয়ুক্ত কাৰ্যালয়ত সাংবাদিকজনক আৱদ্ধ কৰি ৰাখি গতাই দিয়া হৈছিল আৰক্ষীক। ভুল এটাই- অধিকাৰৰ পৰা বঞ্চিত বিধৱাৰ হৈ DCক প্ৰশ্ন কৰিছিল তেওঁ।

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত চূড়ান্ত অসভ্যালী, অভদ্ৰামীৰে সাধাৰণ ৰাইজক প্ৰহাৰ কৰা অহংকাৰী IAS নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদত নামিল সাংবাদিক। নগাঁও DCক গ্ৰেপ্তাৰ কৰক। নিৰ্যাতিত সাংবাদিকক ন্যায় দিয়ক। সকলোৰে এটাই প্ৰশ্ন সাধাৰণ ৰাইজক প্ৰহাৰ কৰিবলৈ কোনে অধিকাৰ দিলে নৰেন্দ্ৰ শ্বাহক? ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি ন্যায়িক তদন্ত দাবী কৰিলে নগাঁৱৰ সাংবাদিকে। অহংকাৰী জিলা আয়ুক্ত গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীলৈও মুকলি আহ্বান নগাঁৱৰ সাংবাদিকৰ। ব্যৱস্থা নহ’লে জংগী আন্দোলনৰ হুংকাৰ সমূহ সাংবাদিকৰ। নগাঁৱত হোৱা সাংবাদিকৰ এই প্ৰতিবাদত স্বত্বস্ফূৰ্তভাবে যোগ দিলে নগাঁও উকীল সন্থাই। ন্যায়িক তদন্তৰ দাবী তুলি অধিবক্তাৰ মুকলি দাবী- তদন্ত নোহোৱালৈ নিলম্বন কৰক নৰেন্দ্ৰ শ্বাহক। ঘটনাস্থলী নগাঁৱৰ সমান্তৰালকৈ গুৱাহাটীতো তীব্ৰ প্ৰতিবাদত নামিল বিভিন্ন নিউজ চেনেল, বাতৰি কাকত আৰু নিউজ প’ৰ্টেলত কৰ্মৰত সাংবাদিক। DCয়ে কৰা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী প্ৰতিবাদী সাংবাদিকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...