দুমাহতেই নিলম্বন, আঁৰত গাঞ্জা

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। কয়দীক এইবাৰ চিগাৰেট-গাঞ্জা যোগান ধৰাত লাগিল খোদ কাৰাগাৰৰ প্ৰহৰী। দেওবাৰে দুজনকৈ প্ৰহৰী ধৰা পৰিল। ১ জুনত নিযুক্ত পোৱা দুয়ো প্ৰহৰীক নিলম্বন কৰা হ’ল।

গাঞ্জা…
অদ্ভূত নিচা লগাই দিয়া গাঞ্জা
চকু ৰঙা কৰি দিয়া গাঞ্জা
সকলো পাহৰাই দিয়া গাঞ্জা
দুমাহতেই নিলম্বন, আঁৰত গাঞ্জা

গাঞ্জাই কি কৰিব নোৱাৰে। ওলট-পালট কৰি পেলায় সকলোকে। সেয়ে গাঞ্জা সৰবৰাহৰ বিৰুদ্ধে প্ৰায়ে চলে আৰক্ষীৰ অভিযান। ভিন্ন ঠাইত ভিন্ন সময়ত গাঞ্জা উদ্ধাৰো হয়। আৰক্ষীৰ জালত পৰে এজনৰ পাছত আনজন। জেললৈ যায়। এইবাৰ সংঘটিত হ’ল এটা আজৱ ঘটনা।
কেন্দ্ৰীয় কাৰাগাৰলৈ গাঞ্জা সৰবৰাহ সৰবৰাহকাৰীৰ ৰূপত কাৰাগাৰৰেই প্ৰহৰী।
নিলম্বন দুজনক
টংকেশ্বৰ দাস আৰু ৰাজু ঠাকুৰ

এই দুজন প্ৰহৰীয়ে কাৰাগাৰৰ ভিতৰত থকা কয়দীক যোগান ধৰিছিল গাঞ্জা। লগতে যোগান ধৰিছিল বিড়ি-চিগাৰেট আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী। কাৰাগাৰৰ মূল প্ৰহৰীয়ে চলোৱা অভিযানত এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছিল। কাৰাগাৰৰ প্ৰহৰী দুজনে মোজাৰ ভিতৰত ভৰাই গাঞ্জা, চিগাৰেটকে ধৰি অন্যান্য নিচাজাতীয় দ্ৰব্য কাৰাগাৰৰ ভিতৰলৈ নিছিল আৰু কয়দীক যোগান ধৰিছিল।

জেইলাৰৰ নিৰ্দেশ মৰ্মে কাৰাগাৰৰ মূল প্ৰহৰীয়ে অভিযুক্ত দুই কাৰাগাৰ প্ৰহৰীৰ কোঠাত এক অভিযান চলাই আন বহু নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰে।

১ জুনত নিযুক্তি পাইছিল দুয়ো
১ জুনত নিযুক্তি, ১৭ জুলাইত নিলম্বন

এই ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়া সচেতন ৰাইজৰ মাজত। অপৰাধ অনিয়ম কৰাসকলক সংশোধনীৰ বাবে ৰখা হয় কাৰাগাৰত। সেই কাৰাগাৰলৈয়ে নিচাযুক্ত সামগ্ৰী সৰবৰাহ হৈছে। সৰবৰাহ কৰিছে খোদ কাৰগাৰৰ প্ৰহৰীয়ে। নিলম্বিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰথমবাৰলৈ এই স্থানত হ’ব বাজেট অধিৱেশন

১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধান সভাৰ বাজেট অধিৱেশন। বাজেট...

আৰম্ভ হৈছে মহাকুম্ভ মেলাৰ মহা-আয়োজন

১২ বছৰৰ পাছত অনুষ্ঠিত হ’ব মহাকুম্ভ ২০২৫। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ...

আম্বানিৰ পেট্র’ ৰাসায়ন ব্যৱসায়ৰ পৃথিৱীত প্ৰৱেশ আদানিৰ

আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ কোম্পানীৰ দৰেই এক বৃহৎ কোম্পানী গঠন...

পুনৰ বিশ্বৰ বুকুত উজলি উঠিল অসম

পুনৰ বিশ্বৰ বুকুত উজলি উঠিল অসম। ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ...