ৰাইজৰ দলৰ দাবী THE ASSAM MICRO FIANANCE ACT অতিশীঘ্ৰে বলবৎ কৰিব লাগে

গুৱাহাটী, ১৭ জুন, NKTV: নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ হ’লে ৰাজ্যৰ মহিলা সকলক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়াৰ প্ৰতিশ্ৰতি প্ৰদান কৰিছিল। কিন্তু নিৰ্বাচনত জয় লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ ক্ষেত্ৰত কেতবোৰ চৰ্ত আগবঢ়োৱাত বিক্ষুব্ধ হৈ উঠিছে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা একাংশ মহিলা। বিগত কিছুদিনৰ পৰা এই মহিলাসকলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তও কৰি আহিছে। মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত এইবাৰ সংবাদমেল আয়োজনেৰে নিজৰ মত প্ৰকাশ কৰিলে ৰাইজৰ দলে। সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয় যে, নিৰ্বাচনী সভাত মাইক্ৰফাইন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাই এতিয়া ঋণগ্ৰস্তসকলক প্ৰতাৰণা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই ২৬ লক্ষাধিক মহিলাক প্ৰতাৰণা কৰিছে বুলিও ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিজনে মত প্ৰকাশ কৰে। THE ASSAM MICRO FIANANCE ACTকাৰ্য্যকৰী কৰিলে মহিলাসকলে ঋণ ৰেহাই পালেহেতেন বুলি ভাস্কো ডি শইকীয়া বিশেষ মন্তব্য প্ৰকাশ কৰে। আনহাতে শইকীয়াই এতিয়ালৈ এই আইন কাৰ্য্যকৰী নকৰাৰ অভিযোগ উত্থাপন কৰি আইনখন অতিশীঘ্ৰে বলবৎ কৰিব লাগে বুলিও কয়।। ইয়াৰ উপৰি মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভতো ৰাইজৰ দলে চৰকাৰক অতি শীঘ্ৰে সিদ্ধান্ত লবলৈ দাবী জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...