বাংলাদেশত বিজয় দিৱস উদযাপন, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৰে অংশগ্ৰহণ

পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ ৫০ বছৰ সম্পূৰ্ণ কৰিলে বাংলাদেশে। এই উপলক্ষে ৰাজধানী ঢাকাৰ লগতে সমগ্ৰ দেশজুৰি বৃহস্পতিবাৰে বিজয় দিৱস উদযাপন কৰা হয়। বাংলাদেশৰ এই বিজয় দিৱস আৰু মুজিব বৰ্ষ উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত এই বিজয় উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰত, ভূটান, আমেৰিকা, ৰাছিয়া আৰু মেক্সিকোৰ সেনা জোৱানসকলে।

ঢাকাত উলিওৱা বিশেষ সামৰিক পেৰেডত অংশগ্ৰহণ কৰে বিভিন্ন দেশৰ জোৱানসকলে। বাংলাদেশৰ জাতীয় সংসদত বিজয় দিৱস উপলক্ষে অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাষণ দিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...