গুৱাহাটীৰ আই পি এল মেচৰ প্ৰস্তুতি তুংগত

চলিত মাহতে গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামত হ’বলগা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ মেচ দুখনৰ প্ৰস্তুতি সম্প্ৰতি দিনে-নিশা চলিছে৷ গুৱাহাটীক দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে ষ্টেডিয়ামৰ লগতে গুৱাহাটী মহানগৰীত অসমীয়া ভাষাৰ হ’ৰ্ডিঙৰে অনুৰাগীক উভয় মেচলৈ আমন্ত্ৰণ জনোৱাৰ লগতে সমৰ্থনো বিচাৰিছে৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছে এইবাৰ ঘৰুৱা মেচৰ আৰম্ভনি গুৱাহাটীৰ পৰাই কৰিব৷ সেয়ে দূয়োখন মেচতে খেলৰ স্বাভাৱিক ৰোমাঞ্চৰ লগতে উদ্বোধনীৰ অন্য মনোৰঞ্জন কাৰ্যসূচীও থাকিব৷

ইফালে, গুৱাহাটীত দুখনকৈ হাইভল্টেজ আই পি এল মেচ হোৱাক লৈ প্ৰস্তুতি কৰিছে অসম ক্ৰিকেট সন্থা তথা অসম চৰকাৰৰ সহযোগত গুৱাহাটী পৌৰ নিগমে৷ এ চি এ ষ্টেডিয়ামৰ চৌহদ পৰিস্কাৰ কৰি নানান ৰঙী ফুলৰে সজাই তুলিছে৷ আনহাতে, অসম চৰকাৰে ষ্টেডিয়ামৰ চৌদিশে থকা বাট-পথ নিৰ্মান কৰাৰ লগতে সামসিকভাবে ফ্লাই-অভাৰৰ কাম বন্ধ ৰাখি যাতায়ত ব্যৱস্থাটো সুচল কৰি তুলিছে৷ গুৱাহাটী পৌৰ নিগমে ষ্টেডিয়ামৰ বাহিৰৰ চৌহদ পাৰিস্কাৰ কৰাৰ কামো আৰম্ভ কৰিছে৷ খেল উপভোগ কৰিবলৈ অহা দৰ্শক তথা বাহিৰৰ পৰা আহিব লগা উভয় দলৰ তাৰকা অতিথিয়ে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেই দিশত সুৰুঙা নথকা ব্যৱস্থা গঢ়ি তোলা হ’ব৷

উল্লেখ্য যে এইবাৰ অভিলেখসংখ্যক দৰ্শকে উভয় আই পি এল মেচ উপভোগ কৰিব৷ কাৰণ দূয়োখন মেচৰে অনলাইন টিকট দ্ৰুতগতিত দৰ্শকে ক্ৰয় কৰিছে৷ অহা ৩০ মাৰ্চত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ টিকট এতিয়া দহ হেজাৰতকৈয়ো কম বিক্ৰি হ’বলৈ বাকী আছে৷ আনহাতে, অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এল প্ৰথম মেচখনৰ টিকটো ইতিমধ্যে পঞ্চাছ শতাংশ বিক্ৰি হৈছে৷ দৰ্শকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি সাজু হৈছে আৰক্ষী প্ৰশাসনো৷

ইফালে, আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনৰ অভিযান আৰম্ভ কৰিব৷ ২৪ মাৰ্চত গুৱাহাটীত উপস্থিত হ’ব দলটো৷ ইফালে, কে কে আৰ ২৩ মাৰ্চতে গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ ৰঙৰ উৎসৱ হোলীৰ পাছতে আই পি এল ক্ৰিকেট উৎসৱ তথা ৰাজস্থান ৰয়েলছৰ গোলাপী ৰঙত ডুব যাব মহানগৰী৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...