কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন সৰ্থেবাৰীৰ প্ৰণৱ ডেকাৰ; নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ হৈ পৰিছে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ প্ৰণৱ ডেকা

প্ৰায় ১২ বিঘাতকৈও অধিক ভূমিত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি কৃষি বিপ্লৱৰ সূচনা কৰিছে প্ৰণৱ ডেকাই। এইবাৰ তেওঁ প্ৰায় ১২ বিঘা মাটিত জিকা, বেঙেনা, ফুলকবি, বিলাহী আৰু জলকীয়াৰ খেতি কৰিছে।

নিজৰ প্ৰচেষ্টাৰে কৃষি কাৰ্য আৰম্ভ কৰা প্ৰণৱ ডেকাৰ মূল উদ্দেশ্য হৈছে কৃষিৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন নিবনুৱা যুৱক-যুৱতীসকলকো কৃষিৰ প্ৰতি আকৰ্ষিত কৰা। আন ব্যৱসায়ৰ সমান্তৰালভাৱে কৃষি ক্ষেত্ৰখনো আগুৱাই নিছে তেওঁ।

শেহতীয়াকৈ প্ৰণৱ ডেকাৰ এই কৃষি কৰ্মই বিশেষভাৱে আকৰ্ষিত কৰিছে অঞ্চলবাসীক। তেওঁৰ কৃষি কৰ্মই স্থানীয় যুৱ প্ৰজন্মৰ মাজত এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

কিন্তু উৎপাদিত শাক-পাচলিৰ বজাৰ মূল্য ক্ৰমাৎ হ্ৰাস পোৱাত এতিয়া চিন্তিত হৈ পৰিছে কৃষক প্ৰণৱ ডেকা। বজাৰত তুলনামূলকভাৱে কম দামত পাচলি বিক্ৰী হোৱাৰ ফলত উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে তেওঁ।

কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখা প্ৰণৱ ডেকাৰ এতিয়া এয়ে আশা যে উৎপাদিত শাক-পাচলিৰ উচিত মূল্য লাভ কৰি কৃষি ক্ষেত্ৰখনত আৰু অধিক আগুৱাই যোৱা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ ৫৪সংখ্যক ওপজা দিনত পুনেত শ্ৰদ্ধাঞ্জলি: স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নাহৰ গছৰ পুলি ৰোপণ

অসমৰ সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী, সুৰকাৰ তথা সাংস্কৃতিক আইকন...

মহাকাশ গৱেষণাত সৃষ্টি নতুন ইতিহাস, পৃথিৱীৰ পৰা এক আলোকদিন অতিক্ৰম ভয়েজাৰ-১ৰ

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নতুন ইতিহাস সৃষ্টি কৰিলে নাছাৰ মহাকাশযান...