জম্মু-কাশ্মীৰৰ কুলগাম জিলাত বুধবাৰে পুৱাৰে পৰা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছতে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী লতিফ ভাট নিৰাপত্তা বাহিনীৰ জালত আবদ্ধ হৈ পৰিছে।
আৰক্ষীৰ মতে, যোৱা ১১ নৱেম্বৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-ৰ এটা তালাচী চকীত সংঘটিত আক্ৰমণৰ আঁৰত আছিল লতিফ ভাট। বৰ্তমান তেওঁ এটা মছজিদৰ ভিতৰত আত্মগোপন কৰি আছে।
ইফালে, নিৰাপত্তা বাহিনীয়ে ভিডিঅ’ কলযোগেও তেওঁৰ সৈতে যোগাযোগ কৰি আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায়। ভিডিঅ’ কলত এজন বিষয়াই তেওঁক উদ্দেশ্যি কয়, “হাম তোমহাৰে সাথ হ্যে” (আমি তোমাৰ লগত আছোঁ)। কিন্তু আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰি লতিফ ভাটে কয়, “মুঝে আল্লাহ সে মুলাকাত কৰনা হ্যে। ম্যে বহুত খুশ হুঁ” (মই আল্লাহৰ সৈতে সাক্ষাৎ কৰিব বিচাৰোঁ। মই বহুত সুখী)।
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, মছজিদৰ ভিতৰৰ পৰাই লতিফ ভাটে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰি আছে।
বুধবাৰে পুৱতি নিশাৰ পৰাই কুলগামৰ একাধিক গাঁৱত নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তোলে। উল্লেখ্য যে, সোমবাৰে কুলগামত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত লতিফ ভাটৰ সহযোগী উমৰ নিছাৰ দাৰ নিহত হৈছিল।
মঙলবাৰে আৰক্ষীয়ে চিচিটিভি কেমেৰাত বন্দী হোৱা কিছু দৃশ্য মুকলি কৰে। সেই দৃশ্যত ১১ নৱেম্বৰত CRPF-ৰ তালাচী চকীত আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে উমৰ নিছাৰ দাৰ আৰু লতিফ ভাটে অঞ্চলটোত লক্ষ্যস্থান নিৰীক্ষণ কৰি থকা দেখা গৈছে। উক্ত আক্ৰমণত তিনিজন CRPF জোৱান আহত হৈছিল।
এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে ব্যাপক তালাচী আৰু ঘেৰাও অভিযান অব্যাহত ৰাখিছে। বাতৰি অনুসৰি, সোধা-পোছাৰ বাবে ৫০০ৰো অধিক লোকক আটক কৰা হৈছে।
আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা মতে, স্থানীয় বাসিন্দা উমৰ নিছাৰ দাৰে আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে লতিফ ভাটৰ সৈতে মিলি কেইবাটাও স্থানত লক্ষ্যস্থান নিৰীক্ষণ কৰিছিল।
এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, “১০ নৱেম্বৰত উমৰ নিছাৰ দাৰে লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ লতিফ ভাটৰ সৈতে মিলি মীৰ বজাৰ, আখৰান, হাবলিছ আৰু কিলামকে ধৰি কেইবাটাও স্থানত নিৰীক্ষণ চলাইছিল। নিৰাপত্তা বাহিনীক লক্ষ্য কৰি আক্ৰমণৰ পৰিকল্পনা কৰাৰ উদ্দেশ্যেৰে এই নিৰীক্ষণ চলোৱা হৈছিল।”
আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনায় যে, ১১ নৱেম্বৰত উমৰ নিছাৰ দাৰ আৰু লতিফ ভাটে আখৰানত থকা CRPF-ৰ এটা তালাচী চকীত আক্ৰমণ চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।
পিছত চিচিটিভি ফুটেজ পৰীক্ষা আৰু বিশ্লেষণ কৰি আৰক্ষীয়ে দুয়োকে চিনাক্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ মতে, ফুটেজত ১০ নৱেম্বৰত দুয়োৰে লক্ষ্যস্থান নিৰীক্ষণৰ দৃশ্যৰ লগতে আক্ৰমণৰ পিছত আখৰানৰ CRPF তালাচী চকীৰ পৰা পলায়ন কৰাৰ দৃশ্যও বন্দী হৈছিল।
ইফালে, উমৰ নিছাৰ দাৰ সন্ধানহীন হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ লোকে কুলগামৰ এখন আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল।
আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, তদন্তৰ সময়ত পোহৰলৈ আহিছে যে যোৱা পাঁচৰ পৰা ছমাহ ধৰি উমৰ নিছাৰ দাৰে লতিফ ভাটক আশ্ৰয় দিয়াৰ লগতে অন্যান্য লজিষ্টিক সাহায্য আগবঢ়াই আহিছিল।
আনহাতে, আৰক্ষীৰ তথ্য অনুসৰি, স্থানীয় যুৱক তথা সন্ত্ৰাসবাদী হিচাপে পৰিচিত লতিফ ভাট ২২ জুলাইত অনন্তনাগত আৰক্ষীৰ ওপৰত সংঘটিত আন এক সন্ত্ৰাসবাদী আক্ৰমণতো জড়িত আছিল। সেই আক্ৰমণত কৰ্তব্যৰত অৱস্থাত এজন আৰক্ষী জোৱান নিহত হৈছিল।
