APDCL ব্যক্তিগতকৰণ হোৱাৰ কথা নাহেঃ মন্ত্ৰী বিমল বৰা

গুৱাহাটী, ১১ জুন, NKTV: বিধায়ক আৱাসত আজি মন্ত্ৰী বিমল বৰাই সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে শক্তি মন্ত্ৰী বিমল বৰাই। সংবাদমেলত APDCL ব্যক্তিগতকৰণ নকৰাৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিলে শক্তি মন্ত্ৰীজনে। এই সংবাদমেলত আলোচনা কৰা মূখ্য বিষয় কেইটা হৈছে-

  • গুণগত বিদ্যুৎ আৰু সহজলভ্য বিদ্যুৎ প্ৰদানৰ বাবে চৰকাৰ বদ্ধপৰিকৰ
  • APDCLয়ে চাহিদা পূৰ কৰিবলৈ সক্ষম
  • ব্যয় বেছি, ৰাজহ সংগ্ৰহ হ’লে কোম্পানীটোৰ সমস্যা নহয়
  • ৯ হাজাৰ বিষয়া কৰ্মচাৰীসকলে কাম কৰি আছে
  • কিছু লোকে দায়িত্ব পালন নকৰে
  • বিদ্যুৎ চুৰি কৰাৰ কাৰ্যত একাংশ অসৎ কৰ্মচাৰীয়ে সহযোগিতা কৰে
  • ইতিমধ্যেই তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে
  • বিদ্যুৎ চুৰিকাৰ্য ৰোধৰ বাবে লক্ষ্য লোৱা হৈছে
  • RECHARGE AND DEVELOPMENT টীম গঠন কৰা হৈছে
  • এই টীমে বিভাগৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিষয়টো চাব
  • বিদ্যুৎ চুৰিৰে জড়িত থকাৰ অভিযোগ আছে কেইবাগৰাকীও বিষয়াৰ বিৰুদ্ধে
  • তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে
  • বিভাগৰ ১ শতাংশ লোকে বিভাগটোৰ পৰিৱেশ বিনষ্ট কৰিছে
  • তেওঁলোকৰ কাম কৰাৰ ইচ্ছা নাথাকিলে দায়িত্বৰ পৰা আতৰি আহক
  • ভাল কৰ্মচাৰী বিষয়াক কাম কৰাৰ সুযোগ দিয়ক
  • একাংশ কোম্পানীয়ে বিদ্যুৎ চুৰি কৰি আহিছে
  • হাতজোৰ কৰি বিদ্যুৎ চুৰি কৰা কোম্পানীক এনে কাৰ্য নকৰিবলৈ আহ্বান
  • বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ আইন বলবৎ কৰা হ’ব
  • শক্তি বিভাগক সংস্কাৰৰ বাবে কাম কৰা হৈছে
  • ১০৬ কোটি টকা চৰকাৰৰ ফালৰ পৰা অনাদায় হৈ আছে
  • মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগক মাছুল আদায় দিবলৈ নিৰ্দেশ দিছে
  • APDCL ব্যক্তিগতকৰণ হোৱাৰ কথা নাহে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল

এটা আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল। পিতৃয়ে...

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...