“২০২৬ৰ পূৰ্বে জনজাতিকৰণ নহ’লে ৰাজনৈতিক প্ৰত্যুত্তৰৰ সিদ্ধান্ত লোৱা হ’ব”; নতুন দিল্লীত আটাছুৰ শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট

সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ই আজি নতুন দিল্লীৰ যন্তৰমন্তৰত শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট পালন কৰে। সংগঠনৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি বৰগোঁহাইৰ নেতৃত্বত প্ৰায় শতাধিক সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

সংগঠনটোৰ মূল দাবী— তাই আহোম জনগোষ্ঠীক এছ টি মৰ্যাদা প্ৰদান কৰা। অসম চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ ভিত্তিত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ আগতেই জনজাতিকৰণ বিলখন সংসদত গৃহীত কৰি ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা।

আটাছুয়ে কয়, “বিগত দশকৰ পিছত দশক ধৰি আমি শান্তিপূৰ্ণ সংগ্ৰাম কৰি আহিছোঁ। ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নেতৃত্বই দিয়া লিখিত প্ৰতিশ্ৰুতি আজিও পূৰণ হোৱা নাই। অসম চৰকাৰে নিজৰ দায়িত্ব পালন কৰিছে, এতিয়া দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। আমি ২০২৬ক শেষ সময়সীমা হিচাপে ধৰি লৈছোঁ।”

“যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ প্ৰাপ্য নাপাওঁ, তেন্তে পৰৱৰ্তী প্ৰতিবাদসমূহ ৰাজনৈতিক হ’ব। তাই আহোম জনগোষ্ঠীয়ে কংগ্ৰেছ শাসনত দুজন মুখ্যমন্ত্ৰী দিয়াৰ পাছতো চৰকাৰ উফৰাই দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। বিজেপিয়েও সেই ইতিহাসৰ পৰা শিকিব লাগিব” আটাছুয়ে কয়।

সংগঠনটোৱে লগতে দাবী জনায় যে, অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আটাছুৰ প্ৰতিনিধি দলৰ সৈতে আলোচনা অনুষ্ঠিত কৰা হওক।

আজিৰ এই প্ৰতিবাদক সংগঠনৰ নেতৃবৃন্দই “অন্তিম সতৰ্কবাণী” হিচাপে অভিহিত কৰিছে। তেওঁলোকে স্পষ্ট কৰিছে যে, কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে তাই আহোম জনগোষ্ঠীয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনত উচিত ৰাজনৈতিক প্ৰত্যুত্তৰ দিব।

“হয় তাই আহোমক জনজাতিৰ মৰ্যদা দিয়ক, নহ’লে আহোমৰ তেজত থকা ঐতিহাসিক ৰাজনৈতিক প্ৰত্যুত্তৰৰ বাবে সাজু হওক” – এই বাৰ্তাৰে আটাছুৰ প্ৰতিবাদ সমাপ্ত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...