মহানগৰীৰ বশিষ্ঠত ৪,০০০ কেজি গাঞ্জা জব্দ কৰিলে আৰক্ষীয়ে

গুৱাহাটীৰ বশিষ্ঠত STFৰ বৃহৎ অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৪ হাজাৰ কেজি ড্ৰাগ্ছ। DIG পাৰ্থসাৰথি মহন্তই দাবী কৰা অনুসৰি এই গাঞ্জাখিনিৰ বজাৰ মূল্য ১০ কোটিৰো অধিক। এতিয়া উৎসৱৰ বতৰ। এই সময়ত বাঢ়িছে গাঞ্জাৰ চাহিদা। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত সাফল্য STFৰ।

গাঞ্জা…
উৎসৱৰ সময়ত চাহিদা বাঢ়িছে গাঞ্জাৰ
ট্ৰেনজিত পইন্ট হৈছে অসম, গুৱাহাটী

এই ৰবৰ। ৰবৰৰ তলত কাৰ্টনে কাৰ্টনে গাঞ্জা। গাঞ্জাভৰ্তি কৰি এইখন ট্ৰাক ত্ৰিপুৰাৰ পৰা গৈ আছিল বিহাৰ অভিমুখে। বিহাৰৰ পৰাই দেশৰ আন আন ৰাজ্যলৈও সৰবৰাহৰ পৰিকল্পনা। তেতিয়াই গোপন সূত্ৰৰ পৰা খবৰ আহিল STFলৈ। মহানগৰীৰ বশিষ্ঠত STF-এ চলালে অভিযান। আৰক্ষীয়ে। AS 01JC 7744 নম্বৰৰ ট্ৰাকখন ৰখাই তালাচী চলালে। তেতিয়াও ৰবৰৰ তলৰ পৰা উদ্ধাৰ হ’ল কাৰ্টনে কাৰ্টনে গাঞ্জা।
৪,০০০ কেজি গাঞ্জা জব্দ কৰিলে আৰক্ষীয়ে
আৰক্ষীয়ে দাবী কৰামতে গাঞ্জাখিনিৰ মূল্য ১০ কোটিৰো অধিক

আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰিলে দুই সৰবৰাহকাৰী ৰাজু শৰ্মা আৰু বিশ্বজিৎ দাস। দুয়োৰে ঘৰ লখিমপুৰত। STF-এ ধাৰাবাহিক অভিযান চলাইছে ড্ৰাগ্ছৰ বিৰুদ্ধে। কিছুদিন পূৰ্বে কৰিমগঞ্জত বৃহত পৰিমাণৰ ড্ৰাগ্ছ জব্দ কৰিছিল STF-আৰক্ষীৰ দলে। তাৰ পাছৰে পৰা নিদ্ৰা হৰিছে ড্ৰাগ্ছ সৰবৰাহকাৰীৰ। STFৰ DIG পাৰ্থসাৰথি মহন্তৰ দাবী।
গুৱাহাটীৰ মাজেৰে এতিয়া ড্ৰাগ্ছ সৰবৰাহ একপ্ৰকাৰ অসম্ভৱ
সেয়ে এইবাৰ গাঞ্জা…
আৰক্ষীয়ে জব্দ কৰিলে মুহিনী গাঞ্জা। যাৰ চাহিদা সৰ্বাধিক। এয়া STFৰ অন্যতম সাফল্য বুলি দাবী। STF-আৰক্ষীয়ে ধাৰাবাহিকভাবে অভিযান চলাইছে। কেতিয়াবা ড্ৰাগ্ছ, কেতিয়াবা গাঞ্জা। নিত্য নতুন কৌশল সৰবৰাহকাৰী। এইবাৰৰ অভিযান স্বাভাৱিকতে উল্লেখ্যনীয়।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...