চাহ খাবলৈ গৈ প্ৰহৃত আৰক্ষী কনিষ্টবল!

সামান্য কথাতে মাৰপিট। ৬ জনীয়া এটা দলে পথৰ কাষত থকা এখন দোকানৰ সন্মুখত প্ৰহাৰ কৰিছে লোকজনক। চাহ খাবলৈ দোকানত সোমাইছিল লোকজন। সেয়াই ভুল আছিল তেওঁৰ।

গুৱাহাটী, ১৩ জুলাই, NKTV: ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’। এই ভিডিঅ’টো প্ৰচাৰ হোৱাৰ পিচতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ভিডিঅ’টোত দেখা গৈছে ৰাস্তাৰ কাষত থকা এখন দোকানৰ সন্মুখত এজন আৰক্ষী কনিষ্টবলক প্ৰহাৰ কৰিছে কেইজনমান যুৱকে।

যুৱককেইজনে আৰক্ষী কনিষ্টবলজনক বাৰে বাৰে প্ৰহাৰ কৰিছে। এই ঘটনা তিনিচুকীয়াৰ দিহিংগীয়া বাইপাছ চাৰিআলিৰ। ডিব্ৰুগড় দিশৰ পৰা মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বাহিনীলৈ আহি থকা,ময়ূৰ ৰঞ্জন দাস নামৰ আৰক্ষী কনিষ্টবলজন চাহ খাবলৈ সোমাইছিল দোকানখনত। তাতেই মাস্কক লৈ তৰ্ক বিতৰ্ক কৰে এই যুৱককেইজনে। পিচত সুৰামত্ত হৈ থকা আটাইকেইটা বেয়াকৈ প্ৰহাৰ কৰে কনিষ্টবলজনক।

এজন লোকে গোপনে মবাইলত বন্দী কৰিছিল সমগ্ৰ দৃশ্য। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতে পানীতোলা আৰক্ষীয়ে আটক কৰিছে ভাষ্কৰ গোহাঁই,কিৰণ গোঁহাই আৰু কৌশিক গোঁহাই নামৰ তিনিটা পাষণ্ডক।

সামান্য কথাতে আৰক্ষীক প্ৰহাৰ কৰা তিনিটাক ধৰিছে যদিও আৰু আৰু তিনিটাই আত্মগোপন কৰিছে আৰক্ষীৰ ভয়ত। শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব আন তিনিটাকো। আৰক্ষীৰ অভিযান অব্যাহত।

মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ, তিনিচুকীয়াৰ পৰা অমিক গগৈৰ সহযোগত চাবুৱাৰ পৰা ৰক্তিম দাসৰ ৰিপৰ্ট। NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...