জেৰাত মুখ খুলিছে দুলালে

দুলাল বাৰক মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে। কিন্তু জেৰাত কোনো কথাই কোৱা নাই বিতৰ্কিত দুলাল বৰাই। বাৰে বাৰে স্বাস্থ্যৰ অৱনতি হোৱাৰ ভাও ধৰিছে দুলালে। আৰক্ষীয়ে দুলালৰ পৰা জব্দ কৰিছে ক্ৰেডিট কাৰ্ড, চেকবুক, গহনা। সোণাৰিৰ কাৰ কাৰ সৈতে সম্পৰ্ক আছিল দুলালৰ। তাক লৈও চলিছে অনুসন্ধান।

দুলাল বৰা সোণাৰিলৈ প্ৰায়ে গৈছিল
সোণাৰিৰ বহু ডাঙৰ মানুহৰে ঘনিষ্ঠতা আছিল দুলাল বৰাৰ
জেৰাত মুখ খুলিছে দুলালে

চৰাইদেউৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকাই ছুইচাইজ নোটত স্পষ্টকৈ লিখি গৈছিল চাৰিজন লোকৰ নাম। সংবাদদাত পৰিস্মিতা ফুকন, ৰফিক আহমেদ, আৰ টি আইৰ নামত ব্লেকমেইলিং কৰা দুলাল বৰা আৰু প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইৰ নাম লিখি জীৱন শেষ কৰিছিল সমাজ সচেতন দেৱজিত হাজৰিকাই। এই ঘটনাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক পৰিস্মিতা ফুকন, বি ডি অ ৰঞ্জিত বুঢ়াগোঁহাইক। দুলাল বৰাক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।

দিল্লীলৈ পলাইছিল দুলাল। বেমাৰৰ ভাও জুৰি ভৰ্তি হবলৈ গৈছিল হাস্পতালত।

তাতেই ক্ৰাইম ব্ৰন্সে গ্ৰেপ্তাৰ কৰি দুলালক গতাই দিছিল অসম আৰক্ষীক। দিল্লীৰ পৰা গুৱাহাটী। গুৱাহাটীৰ পৰা চৰাইদেউলৈ লৈ যোৱা হল দুলাক। আদালতত হাজিৰ কৰোৱাৰ পাছত এতিয়া ৫ দিনৰ জিম্মাত আছে দুলাল বৰা।

মাৰাথন জেৰা চলিছে দুলাল বৰাৰ
১০ লাখমান টকাৰ আঙঠি, চেইন পিন্ধে দুলাল বৰাই
গহনা জব্দ কৰিছে আৰক্ষীয়ে
দুলাল বৰাৰ পৰা জব্দ ৮ খন ক্ৰেডিট, ডেবিট কাৰ্ড
৩খন চেকবুক জব্দ কৰিছে আৰক্ষীয়ে

মৃত দেৱজিতৰ অভিযোগ, ষড়যন্ত্ৰ হৈছিল দেৱজিতৰ বিৰুদ্ধে। সেই ষড়যন্ত্ৰৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল দুলাল বৰা। দুলাল বৰাৰ পৰ্টেলৰ সাংবদদাতাই দুৰ্নীতিৰ অভিযোগেৰে বাতৰি সম্প্ৰচাৰৰ নামত হাৰাশাস্তি কৰিছিল দেৱজিতক। ঘটনাটোত আছিল সাংবাদিক, পৰ্টেলৰ মালিক দুলাল বৰা আৰু প্ৰাক্তন বি ডি অ ৰঞ্জিত বুঢ়াগোঁহাই। তিনিও এতিয়া আৰক্ষীৰ জালত। তদন্ত সঠিক দিশত আগবাঢ়িলেই ওলাই পৰিব সকলো।

ন্যায় বিচাৰিছে দেৱজিতৰ পৰিয়ালে
ঘটনাক লৈ ব্যথিত ওচৰ-চুবুৰীয়াও

সেয়ে তথ্য আহৰণৰ চেষ্টা আৰক্ষীৰ। ইপিনে ঘনেঘনে স্বাস্থ্যৰ অৱনতিৰ ভাও ধৰিছে দুলাল বৰাই। হাস্পতাললৈ নিয়ে আৰক্ষীয়ে। কোনো সমস্যা নোলোৱাত পুনৰ লৈ আনে থানালৈ। তেনেকৈয়ে চলিছে দুলালৰ জেৰা। সোণাৰিৰ আৰু কাৰ কাৰ সৈতে সম্পৰ্ক আছিল দুলালৰ। তাক লৈও চলিছে অনুসন্ধান। দোষীয়ে কঠোৰ শাস্তি পাওক। তাৰেই অপেক্ষাত চৰাইদেউবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...