জেৰাত মুখ খুলিছে দুলালে

দুলাল বাৰক মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে। কিন্তু জেৰাত কোনো কথাই কোৱা নাই বিতৰ্কিত দুলাল বৰাই। বাৰে বাৰে স্বাস্থ্যৰ অৱনতি হোৱাৰ ভাও ধৰিছে দুলালে। আৰক্ষীয়ে দুলালৰ পৰা জব্দ কৰিছে ক্ৰেডিট কাৰ্ড, চেকবুক, গহনা। সোণাৰিৰ কাৰ কাৰ সৈতে সম্পৰ্ক আছিল দুলালৰ। তাক লৈও চলিছে অনুসন্ধান।

দুলাল বৰা সোণাৰিলৈ প্ৰায়ে গৈছিল
সোণাৰিৰ বহু ডাঙৰ মানুহৰে ঘনিষ্ঠতা আছিল দুলাল বৰাৰ
জেৰাত মুখ খুলিছে দুলালে

চৰাইদেউৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকাই ছুইচাইজ নোটত স্পষ্টকৈ লিখি গৈছিল চাৰিজন লোকৰ নাম। সংবাদদাত পৰিস্মিতা ফুকন, ৰফিক আহমেদ, আৰ টি আইৰ নামত ব্লেকমেইলিং কৰা দুলাল বৰা আৰু প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইৰ নাম লিখি জীৱন শেষ কৰিছিল সমাজ সচেতন দেৱজিত হাজৰিকাই। এই ঘটনাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক পৰিস্মিতা ফুকন, বি ডি অ ৰঞ্জিত বুঢ়াগোঁহাইক। দুলাল বৰাক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।

দিল্লীলৈ পলাইছিল দুলাল। বেমাৰৰ ভাও জুৰি ভৰ্তি হবলৈ গৈছিল হাস্পতালত।

তাতেই ক্ৰাইম ব্ৰন্সে গ্ৰেপ্তাৰ কৰি দুলালক গতাই দিছিল অসম আৰক্ষীক। দিল্লীৰ পৰা গুৱাহাটী। গুৱাহাটীৰ পৰা চৰাইদেউলৈ লৈ যোৱা হল দুলাক। আদালতত হাজিৰ কৰোৱাৰ পাছত এতিয়া ৫ দিনৰ জিম্মাত আছে দুলাল বৰা।

মাৰাথন জেৰা চলিছে দুলাল বৰাৰ
১০ লাখমান টকাৰ আঙঠি, চেইন পিন্ধে দুলাল বৰাই
গহনা জব্দ কৰিছে আৰক্ষীয়ে
দুলাল বৰাৰ পৰা জব্দ ৮ খন ক্ৰেডিট, ডেবিট কাৰ্ড
৩খন চেকবুক জব্দ কৰিছে আৰক্ষীয়ে

মৃত দেৱজিতৰ অভিযোগ, ষড়যন্ত্ৰ হৈছিল দেৱজিতৰ বিৰুদ্ধে। সেই ষড়যন্ত্ৰৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল দুলাল বৰা। দুলাল বৰাৰ পৰ্টেলৰ সাংবদদাতাই দুৰ্নীতিৰ অভিযোগেৰে বাতৰি সম্প্ৰচাৰৰ নামত হাৰাশাস্তি কৰিছিল দেৱজিতক। ঘটনাটোত আছিল সাংবাদিক, পৰ্টেলৰ মালিক দুলাল বৰা আৰু প্ৰাক্তন বি ডি অ ৰঞ্জিত বুঢ়াগোঁহাই। তিনিও এতিয়া আৰক্ষীৰ জালত। তদন্ত সঠিক দিশত আগবাঢ়িলেই ওলাই পৰিব সকলো।

ন্যায় বিচাৰিছে দেৱজিতৰ পৰিয়ালে
ঘটনাক লৈ ব্যথিত ওচৰ-চুবুৰীয়াও

সেয়ে তথ্য আহৰণৰ চেষ্টা আৰক্ষীৰ। ইপিনে ঘনেঘনে স্বাস্থ্যৰ অৱনতিৰ ভাও ধৰিছে দুলাল বৰাই। হাস্পতাললৈ নিয়ে আৰক্ষীয়ে। কোনো সমস্যা নোলোৱাত পুনৰ লৈ আনে থানালৈ। তেনেকৈয়ে চলিছে দুলালৰ জেৰা। সোণাৰিৰ আৰু কাৰ কাৰ সৈতে সম্পৰ্ক আছিল দুলালৰ। তাক লৈও চলিছে অনুসন্ধান। দোষীয়ে কঠোৰ শাস্তি পাওক। তাৰেই অপেক্ষাত চৰাইদেউবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...