এইবাৰ আৰক্ষীৰ জালত ‘থানাৰ দালাল’; ১৩টাকৈ থানাৰ দালালক আটক আৰক্ষীৰ

পুনৰ দালাল বিৰোধী অভিযান অসম আৰক্ষীৰ। ছয়গাঁও আৰু বকো আৰক্ষীৰ দালাল বিৰোধী বৃহৎ অভিযান৷ দুপৰ নিশাৰ পৰা শেষ নিশালৈ চলিল এই অভিযান ৷ গৰৈমাৰী, সোণতলী, জোৰশিমুলী, ছয়গাঁও আৰু বকো আৰক্ষীয়ে চলালে অভিযান ৷

অভিযানত গৰৈমাৰী আৰক্ষীয়ে আটক কৰিলে পাঁচটাকৈ দালাল ৷ সমান্তৰালভাৱে জোৰশিমুলী আৰক্ষীয়ে আটক কৰিছে দুটাকৈ দালাল ৷ সেইদৰে সোণতলী আৰক্ষীয়ে আটক কৰিছে পাঁচটাকৈ দালাল। একেনিশাই ছয়গাঁও আৰু বকো আৰক্ষীয়ে আটক কৰিছে মুঠ ১৩টাকৈ থানাৰ দালাল ৷

আইনাল হক, আয়ান আলী, আবুল কালাম আজাদ, ইউছুপ আলী আৰু ওৱাজেদ আলীক আটক কৰিছে গৰৈমাৰী আৰক্ষীয়ে, আনহাতে জোৰশিমুলী আৰক্ষীয়ে আটক কৰিছে নজৰুল ইছলাম আৰু বাহাৰ আলীক৷ সেইদৰে বকোৰ সোণতলী আৰক্ষীয়ে আটক কৰিছে চাৰিটাকৈ দালালক৷ আটকাধীন দালাল কেইটা ক্ৰমে পৰান আলী, ৰেজাউল হক, জয়ান আল, মহুৰ উদ্দিন আৰু ৰবিউল হক ওৰফে কালু’ক৷ আটকাধীন আটাইকেইজন দালালক সম্প্ৰতি বকো আৰু ছয়গাঁও থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...