২৩ আগষ্টত ইউক্ৰেইনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২১, ২২ আগষ্টত দুদিনীয়া পোলেণ্ড ভ্ৰমণ সামৰি ২৩ আগষ্টত ইউক্ৰেইনত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰে এই কথা। যোৱা ৮, ৯ জুলাইত প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ ক্ষোভ প্ৰকাশ কৰিছিল ইউক্ৰেইনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগতে ৰাছিয়াৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে মোদীয়ে বৈঠকত মিলিত হোৱাকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল ইউক্ৰেইনে। এইবাৰ ইউক্ৰেইনক সন্তুষ্ট কৰিবলৈকে ইউক্ৰেইন ভ্ৰমণসূচী হাতত লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইউক্ৰেইন ভ্ৰমণকালত মোদীয়ে ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয়লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে ২১ আৰু ২২ আগষ্টত পোলেণ্ড ভ্ৰমণসূচী হাতত লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। ৪০ বছৰৰ মূৰত প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ’ব প্ৰথম পোলেণ্ড ভ্ৰমণ। ১৯৭৯চনত মোৰাৰজী দেশাইয়ে পোলেণ্ড ভ্ৰমণ কৰিছিল। ৰাজধানী ৱাৰ্ছত প্ৰধানমন্ত্ৰী মোদীয়ে পোলেণ্ডৰ ৰাষ্ট্ৰপতি আন্দ্ৰেজেজ ডুদা আৰু প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ বৈঠকত মিলিত হ’ব। দুয়োদেশৰ মাজত প্ৰতিৰক্ষা বিষয়কলৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...