ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্রহণৰ পূৰ্বে শুকুৰবাৰে নতুন দিল্লীত পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বৈঠকৰ সময়তে মোদীয়ে পুটিনক প্ৰাচীন তামিল গ্ৰন্থ ‘থিৰুক্কুৰল’ৰ ৰাছিয়ান ভাষাৰ অনুবাদ উপহাৰ দিয়ে।

কবি আৰু দাৰ্শনিক থিৰুভল্লুভৰে ৰচনা কৰা ‘তিৰুক্কুৰল’ তামিল সাহিত্যৰ এক অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ। গ্ৰন্থখনত মুঠ ১,৩৩০টা দ্বিপদী আছে। নৈতিকতা, সৎ জীৱন, শাসন-ব্যৱস্থা, সম্পদ, মানৱীয় সম্পৰ্ক আৰু প্ৰেমকে ধৰি জীৱনৰ বিভিন্ন দিশৰ ওপৰত গ্ৰন্থখনত দাৰ্শনিক চিন্তা প্ৰকাশ কৰা হৈছে।

এই গ্ৰন্থখনক কেৱল তামিল সাহিত্যৰ সম্পদ হিচাপেই নহয়, বৰং সাৰ্বজনীন নৈতিক আৰু মানৱীয় মূল্যবোধৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে গণ্য কৰা হয়। ৰাছিয়ান ভাষালৈ অনুবাদ কৰি পুটিনক উপহাৰ দিয়াৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু সাহিত্যৰ সৈতে ৰাছিয়াৰ সম্পৰ্ককো এক বিশেষ বাৰ্তা দিয়া হৈছে।

মোদী-পুটিন বৈঠকত কেৱল সাংস্কৃতিক বিষয়েই নহয়, দুয়োখন দেশৰ কৌশলগত সম্পৰ্ক, বাণিজ্য, প্ৰতিৰক্ষা, শক্তি আৰু বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই ভাৰত-ৰাছিয়া সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে, ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। এই পৰিপ্ৰেক্ষিতত পুটিনক ‘তিৰুক্কুৰল’ উপহাৰ দিয়াটো কূটনৈতিক সম্পৰ্কৰ মাজত সাংস্কৃতিক সংযোগৰো এক তাৎপৰ্যপূৰ্ণ প্ৰতীক হিচাপে বিবেচিত হৈছে।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...