ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্রহণৰ পূৰ্বে শুকুৰবাৰে নতুন দিল্লীত পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বৈঠকৰ সময়তে মোদীয়ে পুটিনক প্ৰাচীন তামিল গ্ৰন্থ ‘থিৰুক্কুৰল’ৰ ৰাছিয়ান ভাষাৰ অনুবাদ উপহাৰ দিয়ে।

কবি আৰু দাৰ্শনিক থিৰুভল্লুভৰে ৰচনা কৰা ‘তিৰুক্কুৰল’ তামিল সাহিত্যৰ এক অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ। গ্ৰন্থখনত মুঠ ১,৩৩০টা দ্বিপদী আছে। নৈতিকতা, সৎ জীৱন, শাসন-ব্যৱস্থা, সম্পদ, মানৱীয় সম্পৰ্ক আৰু প্ৰেমকে ধৰি জীৱনৰ বিভিন্ন দিশৰ ওপৰত গ্ৰন্থখনত দাৰ্শনিক চিন্তা প্ৰকাশ কৰা হৈছে।

এই গ্ৰন্থখনক কেৱল তামিল সাহিত্যৰ সম্পদ হিচাপেই নহয়, বৰং সাৰ্বজনীন নৈতিক আৰু মানৱীয় মূল্যবোধৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে গণ্য কৰা হয়। ৰাছিয়ান ভাষালৈ অনুবাদ কৰি পুটিনক উপহাৰ দিয়াৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু সাহিত্যৰ সৈতে ৰাছিয়াৰ সম্পৰ্ককো এক বিশেষ বাৰ্তা দিয়া হৈছে।

মোদী-পুটিন বৈঠকত কেৱল সাংস্কৃতিক বিষয়েই নহয়, দুয়োখন দেশৰ কৌশলগত সম্পৰ্ক, বাণিজ্য, প্ৰতিৰক্ষা, শক্তি আৰু বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই ভাৰত-ৰাছিয়া সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে, ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। এই পৰিপ্ৰেক্ষিতত পুটিনক ‘তিৰুক্কুৰল’ উপহাৰ দিয়াটো কূটনৈতিক সম্পৰ্কৰ মাজত সাংস্কৃতিক সংযোগৰো এক তাৎপৰ্যপূৰ্ণ প্ৰতীক হিচাপে বিবেচিত হৈছে।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...