গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ৮ সহস্রাধিক শিল্পীয়ে প্রদর্শন কৰিলে ঝুমইৰ নৃত্য

‘ঝুমইৰ বিনন্দিনী’ শীর্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ গৌৰৱময় ক্ষণ হৈ ৰ’ব ‘ঝুমইৰ’ প্ৰদৰ্শন: মুখ্যমন্ত্রী

চাহ জনজাতি আৰু আদিবাসী লোকসকলে তেওঁলোকৰ কলা-সংস্কৃতিৰে অসমীয়া জাতিৰ কলা-সংস্কৃতিক সমৃদ্ধ কৰি তুলিছেঃ মুখ্যমন্ত্রী

প্রধানমন্ত্রীক অসমবাসীৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰ উপস্থিতিত ‘এডভান্টেজ আছাম ২.০’ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনৰ সৈতে সংগতি ৰাখি খানাপাৰাত আয়োজিত প্রদর্শনীস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

অসমৰ চাহৰ দুশ বছৰ পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণ উদ্যাপন উপলক্ষে সোমবাৰে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত আয়োজিত ‘ঝুমইৰ বিনন্দিনী’ শীর্ষক অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমৰ বিভিন্ন জিলা সামৰি চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ আঠ সহস্রাধিক শিল্পীয়ে ঝুমইৰ নৃত্য পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশ বর্ণিল কৰি তোলা এই অনুষ্ঠানটোত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী ড° এছ জয়শংকৰ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহায়ো অংশগ্রহণ কৰে। এই অনুষ্ঠানত শিল্পীসকলে ঝুমইৰ প্ৰদৰ্শনৰ জৰিয়তে এক নান্দনিক পৰিৱেশৰ সূচনা কৰে। উল্লেখ্য যে বিশ্বদৰবাৰত ঝুমইৰ নৃত্যক জনপ্ৰিয়কৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এক বিশেষ বাহনেৰে ষ্টেডিয়ামৰ চৌপাশে পৰিভ্ৰমণ কৰি শিল্পী, কলা-কুশলী তথা উপস্থিত ৰাইজক অভিবাদন জনায়। অভিবাদন জনোৱাৰ সময়ত মুখ্যমন্ত্রী ড° শর্মাই প্রধানমন্ত্রীক সংগ দিয়ে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই আজিৰ দিনটো অসমবাসীৰ বাবে অমিৎ উজ্জ্বল দিন বুলি অভিহিত কৰি কয় যে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রথম অসম ভ্রমণৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসমবাসীৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসমবাসীৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ কাম কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ প্ৰয়াসৰ বাবে চৰাইদেউ মৈদামক ইউনেস্ক’রে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি প্রদান কৰিছে। ইয়াৰ উপৰি অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগতে এইবাৰৰ বাজেটত নামৰূপ সাৰ কাৰখানৰ উৎপাদন ক্ষমতা ১২ লাখ মেট্রিক টনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ প্রয়াসৰ বাবেই নামৰূপ সাৰ কাৰখানাও উজ্জীৱিত হৈ উঠিব বুলিও তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমৰ চাহ জনগোষ্ঠী, আদিবাসীলোকসকলৰ এক সমৃদ্ধ ইতিহাস আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মঠ, উদ্যমী ব্যক্তিসকল অসমলৈ আহি অসমকে মাতৃভূমি হিচাপে গণ্য কৰি ২০০ বছৰ পূৰ্বে উদ্যোগীকৰণৰ বিশাল ভেটি নির্মাণ কৰিছিল। তেওঁ কয় যে চাহ জনজাতি আৰু আদিবাসী লোকসকলে তেওঁলোকৰ কলা-সংস্কৃতিৰে অসমীয়া জাতিৰ কলা-সংস্কৃতিক সমৃদ্ধ কৰি তুলিছে। চাহ উদ্যোগৰ ২০০ বছৰীয়া এই গৌৰৱময় ক্ষণটোত জনগোষ্ঠীটোৰ প্ৰায় আঠ সহস্রাধিক যুৱক-যুৱতীয়ে হৃদয়ৰ স্পন্দন ঝুমইৰ নৃত্যক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। জনগোষ্ঠীটোৰ অমূল্য অৱদানৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম মহিলা শ্বহীদ মালতী মেম, অসম আন্দোলনৰ শ্বহীদ বাধনা ওৰাঙক শ্ৰদ্ধাৰে স্মৰণ কৰে। অসমৰ চাহ বাগিচাৰ লোকসকলে অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে আদৰি লৈ অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতিক অধিক সমৃদ্ধ কৰি তুলিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আজিৰ এই ঝুমইৰ প্ৰদৰ্শন চাহ জনজাতি আৰু আদিবাসী লোকৰ প্ৰতি অসমবাসীৰ কৃতজ্ঞতা বুলি মন্তব্য কৰে।

চাহ বাগিচাৰ লোকৰ বাবে ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ চাকৰিত ৩ শতাংশ সংৰক্ষণ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাহ বাগিচাত হাইস্কুল নির্মাণ আৰু ৩০০ টাতকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰা হৈছে। চাহ বাগিচাৰ লাইনৰ মাটি চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক প্ৰদান কৰা হ’ব বুলিও তেওঁ আশ্বাস প্রদান কৰে। আজিৰ এই ঝুমইৰ প্ৰদৰ্শন এক সোণালী ক্ষণ হৈ ৰ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা ৩ মাহ ধৰি যুৱক-যুৱতীসকলে এই ঝুমইৰ প্ৰদৰ্শন সফল কৰাৰ বাবে আপ্রাণ প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ লগতে কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰৰ নেতৃত্বত পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকল আহি আজিৰ এই অনুষ্ঠানত উপস্থিত হৈছে। তেওঁ কয় যে, ঝুমইৰ হৈছে অসমীয়া সংস্কৃতিৰ উৎকৃষ্টতম উপাদান। ঝুমইৰত অসমৰ চাহ বাগিচাৰ লোকসকলে অসম ভূমিক কিদৰে আপোন মাতৃ হিচাপে লৈছে তাৰ বৰ্ণনা আছে। সেইবাবে প্ৰতিগৰাকী অসমীয়াই ঝুমইৰক লৈ গৌৰৱ অনুভৱ কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে।

এই গৰিমামণ্ডিত অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, চহা জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, কেইবাগৰাকী সাংসদ, বিধায়ক, বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আদিকে ধৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পিছতে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু বিশ্বস্তৰীয় বিনিয়োগকাৰীসকলৰ অংশগ্রহণেৰে কাইলৈৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ‘এডভান্টেজ আছাম ২.০’ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত প্রদর্শনীস্থলী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সন্ধিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰিদৰ্শন কৰে। এই প্রদর্শনীয়ে দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ প্রতিষ্ঠান তথা ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে নিজৰ ঔদ্যোগিক দিশসমূহ প্রতিফলিত কৰে। উল্লেখ যে, এই প্রদর্শনীৰ জৰিয়তে অসমত উদ্যোগ খণ্ডৰ সম্ভাৱনীয়তাৰ দিশসমূহো দাঙি ধৰা হৈছে। আনহাতে, প্রদর্শনস্থলীত অসমৰ কেইবাখনো জিলাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্রী প্রদর্শন কৰা হয়। প্রদর্শনস্থলী পৰিদৰ্শন কালত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, তথ্য-প্রযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা উপস্থিত থাকে।

Popular

More like this
Related

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল। ৰাজপথত উদণ্ড যুৱকৰ ভয়ংকৰ কাণ্ড।...

সপ্তাহত এদিন সম্পূৰ্ণ সিজোৱা খাদ্য খাওক, তেল-মছলাৰ ব্যৱহাৰ কমাওক : স্বাস্থ্যমন্ত্ৰী

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা...

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ সাতগাঁৱৰ কোচপাৰাত...

১ কোটি টকা ৰান্ধনীৰ বাবে, ব্যক্তিগত সচিবৰ বাবে ১০ লাখ টকা | ৰতন টাটাৰ ইচ্ছাপত্ৰৰ সবিশেষ

২০২৪ চনৰ অক্টোবৰত মৃত্যুবৰণ কৰা উদ্যোগপতি তথা সমাজহিতৈষী ৰতন...