আহিল গংগা বিলাস; বাৰানসী আৰু ডিব্ৰুগড়ৰ মাজত যাতায়ত চলিব জলপথেৰে

এম ভি গংগা বিলাস

এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি ভাৰত আৰু বাংলাদেশৰ ২৭খন নদী ব্যৱস্থাৰ মাজেৰে জাহাজেৰে ৫১ দিনত প্ৰায় ৩,২০০ কিলোমিটাৰ যাত্ৰা কৰি বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়ত উপস্থিত হ’ব। এম ভি গংগা বিলাসত তিনিটা ডেক, ১৮টা ছুইট আছে য’ত সকলো বিলাসী সুবিধাৰ সৈতে ৩৬জন পৰ্যটকে যাত্ৰা কৰাৰ ক্ষমতা আছে। প্ৰথম যাত্ৰাত ছুইজাৰলেণ্ডৰ পৰা ৩২জন পৰ্যটকে নাম পঞ্জীয়ন কৰিছে।

এম ভি গংগা বিলাস ক্ৰুজখনক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ দেশৰ শ্ৰেষ্ঠবোৰক উলিয়াই আনিবলৈ সজাই পৰাই তোলা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট, আৰু বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ সাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটী আদি ডাঙৰ চহৰকে ধৰি ৫০টা পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনাৰে ৫১ দিনীয়া ক্ৰুজ যাত্ৰাৰ পৰিকল্পনা কৰা হৈছে। এই যাত্ৰাত পৰ্যটকসকলে অভিজ্ঞতাভিত্তিক যাত্ৰাত নামি ভাৰত আৰু বাংলাদেশৰ কলা, সংস্কৃতি, ইতিহাস আৰু আধ্যাত্মিকতাৰ সৈতে একাত্ম হোৱাৰ সুযোগ লাভ কৰিব।

ৰিভাৰ ক্ৰুজ পৰ্যটন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এই সেৱা আৰম্ভ হোৱাৰ লগে লগে ৰিভাৰ ক্ৰুজৰ বিশাল অনাদৃত সম্ভাৱনা মুকলি হ’ব আৰু ই ভাৰতৰ বাবে ৰিভাৰ ক্ৰুজ পৰ্যটনৰ নতুন যুগৰ সূচনা কৰিব।

বাৰাণসীত টেণ্ট চিটি

অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনাক লাভৱান কৰিবলৈ গংগা নদীৰ পাৰত টেণ্ট চিটিৰ ধাৰণা প্ৰস্তুত কৰা হৈছে। বিশেষকৈ কাশী বিশ্বনাথ ধাম উদ্বোধনৰ পিছৰে পৰা বাৰাণসীত বৰ্ধিত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি চহৰৰ ঘাটৰ বিপৰীতে নিৰ্মাণ কৰা এই প্ৰকল্পটোৱে থকাৰ সুবিধা প্ৰদান কৰিব। ইয়াক বাৰাণসী উন্নয়ন কৰ্তৃপক্ষই পিপিপি মোডত প্ৰস্তুত কৰিছে। সমীপত অৱস্থিত বিভিন্ন ঘাটৰ পৰা নাৱেৰে টেণ্ট চিটিত উপস্থিত হ’ব পৰ্যটকসকল। প্ৰতিবছৰে অক্টোবৰৰ পৰা জুনলৈ কাৰ্যক্ষম হৈ থাকিবলগীয়া টেণ্ট চিটি বাৰিষা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে তিনি মাহৰ বাবে ভাঙি পেলোৱা হ’ব।

আভ্যন্তৰীণ জলপথ প্ৰকল্প

পশ্চিমবংগত হালদিয়া মাল্টি মডেল টাৰ্মিনেল উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত উন্নয়ন সাধন কৰা হালদিয়া মাল্টি মডেল টাৰ্মিনেলৰ কাৰ্গো পৰিচালনা ক্ষমতা বছৰি প্ৰায় ৩ মিলিয়ন মেট্ৰিক টন (এমএমটিপিএ) আৰু বাৰ্থসমূহ প্ৰায় ৩০০০ ডেডৱেইট টন (ডিডব্লিউটি) পৰ্যন্ত জাহাজ পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে গাজীপুৰ জিলাৰ ছৈয়দপুৰ, চোচাকপুৰ, জামানিয়া আৰু উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ কানছপুৰতো চাৰিখন ভাসমান সামূহিক জেটী উদ্বোধন কৰে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে পাটনা জিলাৰ দীঘা, নকতা দিয়াৰা, বাঢ়, পানাপুৰ আৰু বিহাৰৰ সমষ্টিপুৰ জিলাৰ হাছানপুৰত পাঁচটা সামূহিক জেটীৰ আধাৰশিলা স্থাপন কৰে। সমগ্ৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ ৰাজ্যৰ গংগা নদীৰ দাঁতিত ৬০টাতকৈও অধিক সামূহিক জেটি নিৰ্মাণ কৰি অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি আৰু স্থানীয় সমূদায়ৰ জীৱিকাৰ উন্নতি সাধন কৰা হৈছে। গংগা নদীৰ ভিতৰুৱা অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক্ষুদ্ৰ কৃষক, মীন ইউনিট, অসংগঠিত পাম উৎপাদনকাৰী ইউনিট, উদ্যান শস্যবিদ, ফুল বিক্ৰেতা আৰু শিল্পীসকলৰ বাবে সৰল লজিষ্টিক সমাধান প্ৰদান কৰি সামূহিক জেটিসমূহে মানুহৰ জীৱিকা উন্নত কৰাত মূল ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰও উদ্বোধন কৰে। ই উত্তৰ-পূৰ্বাঞ্চলৰ চহকী প্ৰতিভাসমূহক নিখুঁত ৰূপত গঢ় দিয়াত সহায় কৰিব আৰু বৰ্ধিত লজিষ্টিক উদ্যোগত উন্নত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।

এইবোৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পাণ্ডু টাৰ্মিনেলত জাহাজ মেৰামতিৰ সুবিধা আৰু উচ্চ পথৰ আধাৰশিলা স্থাপন কৰে। পাণ্ডু টাৰ্মিনেলত জাহাজ মেৰামতিৰ সুবিধাই বহু মূল্যৱান সময় ৰাহি কৰিব কাৰণ এখন জাহাজ কলকাতালৈ মেৰামতিৰ বাবে অনা-নিয়া কৰিবলৈ এমাহতকৈও অধিক সময় লাগে। তদুপৰি ইয়াৰ ফলত জাহাজখনৰ পৰিবহণ বাবদ হোৱা খৰচো ৰাহি হ’ব। পাণ্ডু টাৰ্মিনেলক ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা নিৰ্দিষ্ট পথটোৱে ২৪ ঘণ্টীয়া সংযোগ স্থাপনৰ সুবিধা প্ৰদান কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...