হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, সেনাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান

সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ভয়ংকৰ ঘটনা। হেলিকপ্টাৰত CDS বিপিন ৰাৱট আছিল। বিপিন ৰাৱটৰ পত্নীও আছিল হেলিকপ্টাৰত। এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদানৰ বাবে ৱেলিংটন ষ্টাফ কলেজলৈ গৈছিল। তামিলনাডুৰ কুন্নুৰ আৰু উটিৰ মাজৰ ৰাজপথত এই শোকাৱহ ঘটনা। ১৪জন লোকে যাত্ৰা কৰিছিল হেলিকপ্টাৰখনত। এইপৰ্যন্ত ৪জন লোকক উদ্ধাৰ কৰা হৈছে। দুজনৰ শৰীৰ ৮০ শতাংশপৰ্যন্ত জ্বলি গৈছে।

যান্ত্ৰিক বিজুতিৰ ফলতে দুৰ্ঘটনাৰ সন্দেহ। দুৰ্ঘটনাৰ কিছু সময় পূৰ্বে সংযোগ বিচ্ছিন্ন হৈছিল। দুৰ্ঘটনাৰ পিছতে জ্বলি উঠে হেলিকপ্টাৰখন। ঘটনাস্থলীত ছখন এম্বুলেঞ্চে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সেনা প্ৰধান এম এম নাৰাৱণে সমগ্ৰ ঘটনা নিজে নিৰীক্ষণ কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...