‘ৰাইজৰ দাবী’ত স্বামীৰ সৈতে এয়া কি কৰিলে বৰষাৰাণীয়ে?

যুগজয়ী প্ৰেম…তাজমহলত প্ৰেমৰ সাগৰত বিলীন বৰষাৰাণী-ভাস্কৰ বৰুৱা। স্বামীৰ সৈতে বিলীন জনপ্ৰিয় অভিনেত্ৰী, নৃত্যশিল্পী বৰষাৰাণী বিষয়া।

প্ৰেমৰ সৌধত ফুৰিবলৈ গৈছে, তাতে শিল্পী মানুহ। ফটো নুঠাকৈ পাৰিনে? সকলোৰে সমুখত চুমা দিলে স্বামী ভাস্কৰ বৰুৱাক

দুটি মন একে হোৱাৰ ক্ষণ। ৰ’দ-বৰষুণ কেপচনেৰে নিজেই ৰাজহুৱা কৰিলে দুয়োৰে আকৰ্ষণীয় ফটো। খুহুতীয়াকৈ লিখিবলৈ নাপাহৰিলে-ৰাইজৰ দাবীতহে এই পজ দিছো!

স্বামীৰ সৈতে সুমধুৰ সময় অতিবাহিত কৰিছে অভিনেত্ৰীগৰাকীয়ে। নিজৰ আকৰ্ষণীয় ভংগিমাৰে স্মৰণীয় কৰিছে তাজমহলত থকাৰ ক্ষণ।

পৰিয়ালৰ সৈতে একেলগে সমূহীয়া বিৰতি। প্ৰথমে দিল্লী, তাৰ পিছত উজ্জয়ন। আকৌ গোৱা, তাৰ পিছত দিল্লী। বছৰৰ অন্তিম মাহত নিজৰ বাবে আছুতীয়া সময়।

ৰাজস্থানৰ উজ্জয়নত পৰিয়ালৰ সকলোকে একেলগে দেখা গল। মহাকালেশ্বৰ জ্যোতিৰ্লিংগত সকলোৰে মংগল কামনা কৰি বিচাৰিলে আশীৰ্বাদ।

আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি। দুয়ো দুয়োৰে লগৰী। ভগৱানৰ পীঠত ছেলফি লোৱাত ব্যস্ত স্বামী-স্ত্ৰী।

ৰাজধানী দিল্লীত এপলক। কাষত স্বামী, ননদ। একাষে মাক-দেউতাক আৰু ককায়েক-বৌৱেক। ৰঙীন পোছাকত চৌপাশ ৰঙীন কৰাৰ মন!

দিল্লীত অসমীয়া সাজত বৰষাৰাণী বিষয়া। মুগাৰ সাজত সাজি-কাচি বিবাহ বাহৰত অভিনেত্ৰীগৰাকী।

ছচিয়েল মিডিয়াতো সমানে এক্টিভ অভিনেত্ৰীগৰাকী। নিজৰ আকৰ্ষণীয় ফটো, ভিডিঅ অথবা কাম-কাজৰ বিষয়ে জনাবলৈ নাপাহৰে অভিনেত্ৰীগৰাকীয়ে। খোৱাৰ পৰত ফটোৰে সময়খিনি ধৰি ৰাখিবলৈ নাপাহৰিলে বৰষাই।

তাজমহলৰ পাৰত বহি আকৌ এবাৰ ৰোমাণ্টিক হৈ পৰিল বৰষাৰাণী বিষয়া। প্ৰেমৰ সৌধত ৰঙীন পোছাকত যুগমীয়া প্ৰেমৰ সাক্ষী হৈ ৰ’ল অভিনেত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...