দেশৰ বাবে প্ৰাণ দিলে ফেণ্টমে

ফেণ্টমৰ মৃত্যুত শোকৰ ছাঁ সেনাত

নতুন চৰকাৰ গঠনৰ পিছতে পুনৰ সন্ত্ৰাসবাদীৰ ধাৰাবাহিক আক্ৰমণ চলিছে জম্মু–কাশ্মীৰত। সোমবাৰে আখনুৰত সেনাৰ গাড়ীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ পিছতে সেনাই চলালে অভিযান। কিন্তু সেনাৰ অভিযানৰ মাজতে সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে ফেণ্টমে। বীৰ ফেণ্টমক হেৰুৱাই ম্ৰিয়মান সেনা। শোকবাৰ্তাত ভাৰতীয় সেনাই উল্লেখ কৰিলে –

সচাঁকৈ আমি নায়কক হেৰুৱালোঁ
অভিযানৰ সময়ত সকলোৰে আগত আছিল ফেণ্টম
সন্ত্ৰাসবাদীৰ সঠিক সন্ধান দি আগুৱাই নিছিল সেনাক

এটা সময়ত সেনাই ঘেৰি পেলাইছিল সন্ত্ৰাসবাদীক। কিন্তু সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ গ’ল ফেণ্টমৰ। জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ 16 ক’ৰ সেনাৰ অন্যতম সংগ আছিল বেলজিয়াম মেলিনয়েছ প্ৰজাতিৰ কুকুৰ ফেণ্টম।

২০২০ চনৰ ২৫ মে’ত জন্ম ফেণ্টমৰ
২০১২ চনৰ ১২ আগষ্টত ভাৰতীয় সেনাৰ সংগী হয়

সেনাৰ সন্ত্ৰাসবিৰোধী অভিযানৰ সহায় হোৱাকৈ প্ৰশিক্ষণ দিয়া হয়। বহুকেইটা জটিল অভিযানত অংশ হৈছিল ফেণ্টমে। আখনুৰত ফেণ্টনৰ মৃত্যু হ’লেও সেনাৰ এম্বুলেন্সত আক্ৰমণ কৰি জংঘলত আত্মগোপন কৰা সন্ত্ৰাসবাদী নিহত হ’ল সেনাৰ গুলীত। ফেণ্টমক এজন শ্বহীদৰ সৈতেও তুলনা কৰা হ’ল। কুকুৰ হ’লেও ভাৰতীয় সেনাত ৰৈ গ’ল ফেণ্টমৰ আত্মবলিদানৰ এক অধ্যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...