স্মাৰ্ট মিটাৰে জ্বলাইছে ৰাজ্য

বাল্ব জ্বলা নাই। স্মাৰ্ট মিটাৰে ৰাজ্য জ্বলাইছে। দুই-তিনিগুণ বিল ভৰি ভৰি অতিষ্ঠ জনতাই সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। বুধবাৰেও অসমৰ ভিন্ন প্ৰান্তত শক্তি বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ওলাই আহিল ৰাইজ। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী। কিন্তু নিজৰ স্থিতিতেই অটল মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ। স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদত জ্বলিছে ৰাজ্য। মুখ্যমন্ত্ৰীয়ে কৈছে, স্মাৰ্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে। ইয়াকে লৈ ক্ষোভত ফাটি পৰিছে ৰাজ্যবাসী।

২৪ ঘণ্টাই বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে ৰাজ্যৰ গ্ৰাহকৰ মাজত অত্যাধুনিক বুলি বিলাই দিলে স্মাৰ্ট মিটাৰ। সেই স্মাৰ্ট মিটাৰত অহা বিলে দিনতে তৰা দেখুৱাই দিছে ৰাজ্যৰ হাজাৰ-হাজাৰ পৰিয়ালক। সেই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উজনি-নামনিত শ্লোগান। স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠনৰাজ নচলিব। বিদ্যুত মাচুলৰ নামত হাৰাশাস্তি বন্ধ কৰক। অসম চৰকাৰ হায় হায়। এনে শ্লোগানেৰে প্ৰতিবাদত উত্তাল ৰাজ্যৰ কেইবাখনো জিলা।

এইদৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। ডবকাত শক্তি বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী। ডিমৌত ক্ষোভিত জনতাই ঘেৰাও কৰিলে বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়। জুৰিয়াতো উত্তাল প্ৰতিবাদ। কলিয়াবৰ, কামপুৰ, লাহোৱাল, ৰহা, চামগুৰি শিলচৰতো ক্ষোভৰ বহিঃপ্ৰকাশ। কাৰণ স্মাৰ্ট মিটাৰৰ লুণ্ঠন। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি হোৱা এই প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছদিনা। স্মাৰ্ট মিটাৰ আৰু প্ৰতিবাদ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মঙলবাৰে কি কৈছিল শুনক।

স্মাৰ্ট মিটাৰৰ বাবে বিল বাঢ়িবই নোৱাৰে। মাচুল বেছি। বাল্ব নজ্বলে। জ্বলা জুইত ঘিউ ঢালিলে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই। পুনৰ প্ৰতিবাদ। সাংবাদিকে প্ৰশ্ন কৰিলে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাক। নন্দিকা গাৰ্লোচাই একো নামাতিলে। সাংবাদিকে বাৰে বাৰে ক’লে – বাইদেউ কিবা কওক। কিন্তু নন্দিতাই একো নকয়।

স্মাৰ্ট মিটাৰৰ প্ৰসংগত মুখ খুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক’লে। হাজাৰ হাজাৰ লোকে স্মাৰ্ট মিটাৰ লগাইছে। কিন্তু সকলোৰে সমস্যা নাই হোৱা। দুই এজনৰ হ’ব পাৰে। মন্ত্ৰীজনে ক’লে – মোৰ ঘৰতো লগোৱা আছে স্মাৰ্ট মিটাৰ। কিন্তু এতিয়ালৈ মই কোনো সমস্যা পোৱা নাই। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীযূষ হাজৰিকায়ো। পূৰ্বৰ বিল আৰু এতিয়াৰ বিল তুলনা কৰক। ক’লে মন্ত্ৰীজনে।

আগষ্টত ফ্ৰীজ, এচিৰ ব্যৱহাৰ বেছি। সেয়ে আহিছে বেছি বিল। প্ৰতিবাদ প্ৰতিক্ৰিয়া দেখি সাংবাদিকৰ প্ৰশ্নত বুধবাৰে মুখ্যমন্ত্ৰীয়ে কলে। স্মাৰ্ট মিটাৰৰ লগতে লগাই দিব মেনুৱেল মিটাৰ। ৰিডিঙত ১ পইন্ট ইফাল-সিফাল হলেও নাইকিয়া কৰি দিব স্মাৰ্ট মিটাৰ। মুঠৰ ওপৰত ৰাইজে প্ৰতিবাদ কৰিলেও, বিৰোধীয়ে সমালোচনা কৰিলেও, সংবাদ মাধ্যমে প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী, মন্ত্ৰীয়ে নামানে। বিল বাঢ়িবই নোৱাৰে। বাৰে বাৰে বিল তুলনা কৰিবলৈ আহ্বান। প্ৰমাণ দিব লাগে। হাতত প্ৰমাণ লৈ এয়া কৃষক মুক্তিৰ বিদ্যুত শইকীয়া।

এতিয়া আপুনি নিজেই চিন্তা কৰক। তুলনা কৰক। যদি সমস্যা পাই থাকে তেন্তে সমাধান দিব মুখ্যমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...