সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে সাজু হৈছে ভাৰতীয় সেনা

তলত অপাৰেশ্যন। আকাশত অনুশীলন। সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে সাজু ভাৰত। পেহেলগামৰ সন্ত্ৰাসবাদীৰ নৰসংহাৰৰ পিছত সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে সাজু হৈছে ভাৰতীয় সেনা। পেহেলগামৰ নৰসংহাৰেৰে জড়িত কাশ্মীৰৰ লস্কৰ–ই–তৈবাৰ সন্ত্ৰাসবাদীৰ বাসগৃহ বিস্ফোৰেণেৰে উৰুৱাই দিয়া হ’ল।

অনন্তনাগৰ বিজবেহাৰাৰ গোৰি অঞ্চলত থকা সন্ত্ৰাসবাদী আছিফ শ্বেখৰ বাসগৃহ বোমাৰে উৰুৱাই দিয়া হ’ল। আছিফে পাক সন্ত্ৰাসবাদীক বাট দেখুৱাই আনিছিল পেহেলগামলৈ। সন্ত্ৰাসবাদী আছিফৰ ভনীয়েকে স্বীকাৰ কৰিছে তেওঁৰ ভাতৃ মুজাহিদ্দিন। কেৱল আছিফেই নহয়, সামৰিক বাহিনীয়ে তীব্ৰ অভিযান চলাইছে কাশ্মীৰ উপত্যকাত। বুলড’জাৰেৰে ভাঙি পেলোৱা হৈছে আন এক সন্ত্ৰাসবাদী আদিল থোকাৰৰ ঘৰ।

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল সন্ত্ৰাসবাদীক বিচাৰি কল্পনাতীত শাস্তি দিব ভাৰতে। ইতিমধ্যেই ভাৰতীয় সেনাই আৰম্ভ কৰিছে যুদ্ধৰ আখৰা। ‘আক্ৰমণ’ নামেৰে বায়ুসেনাই চলাইছে কঠোৰ অনুশীলন। ছুখই-৩০, ৰাফাল আদিৰ গৰ্জনে কপাঁইছে আকাশ। যুদ্ধ টেংক, টোপেৰে নৰ্দান কামাণ্ড, ৱেষ্টটাৰ্ণ কামাণ্ডেও অনুশীলন চলাইছে। মুঠতে এখন সাম্ভাব্য যুদ্ধৰ প্ৰস্তুতি তুংগত উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...

ভাৰতত পৰোক্ষ ধূমপানৰ ভয়ংকৰ প্ৰভাৱ, ৪৪.৪ কোটি লোক ধোঁৱাৰ সংস্পৰ্শত

ভাৰতত পৰোক্ষ ধূমপান অৰ্থাৎ আন কোনো ব্যক্তিয়ে কৰা ধূমপানৰ...