পুনৰ এক ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ

পুনৰ এক ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। চেন্নাইত যাত্ৰীবাহী ৰে’ল আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ। মহীশূৰ-দাৰভাংগা এক্সপ্ৰেছৰ খুন্দা এখন মালবাহী ৰে’লত। চেন্নাইৰ কাৱাৰাপেট্টাই নামৰ অঞ্চলটোত সংঘটিত হয় এই দুৰ্ঘটনা। দুয়োখন ৰে’লৰ ১৩টাকৈ দবা লাইনচ্যুত। ঘণ্টাত প্ৰায় ৭৫ কিঃমিঃ গতিবেগত আহি খুন্দা মাৰে যাত্ৰীবাহী ৰে’লখনে। শুকুৰবাৰে নিশা ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত ১৯ গৰাকী যাত্ৰী আহত। দুৰ্ঘটনাটোক লৈ চলি আছে তদন্ত আৰু উদ্ধাৰ অভিযান। বৰষুণৰ বাবে ব্যাহত হৈছে উদ্ধাৰ অভিযান।দুৰ্ঘটনাটোৰ ফলত ব্যাহত হৈছে আন ৰে’লৰ চলাচল। কমেও ১৬ ঘণ্টা লাগিব ৰে’ল লাইনটো মুকলি কৰিবলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...