কামৰূপ জিলাৰ ১৬০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ নিৰ্দেশ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

গুৱাহাটী, ৩০ জুন, NKTV: বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কামৰূপ জিলাৰ বন, আৱকাৰী আৰু মীন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰি জিলাখনৰ ১৬০ হেক্টৰ মাটি পৰ্যায়ক্ৰমে বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিছে। জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত উপায়ুক্ত, জিলা প্ৰশাসনৰ বিষয়ববীয়া, সংশ্লিষ্ট বিভাগকেইটাৰ বিষয়াসকলৰ লগতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া আৰু দিগন্ত কলিতা উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন, জনপ্ৰতিনিধি আৰু বিভাগসমূহৰ সমূহীয়া প্ৰচেষ্টাৰে বেদখল উচ্ছেদৰ বাবে সকলোকে আহ্বান জনায়।

তদুপৰি বেদখলৰ তথ্য সন্দৰ্ভত নিশ্চিত হ’বৰ বাবে ৰাজহ, বনভূমি, নথি সঞ্চালকালয় আৰু অসম জৰীপ বিভাগৰ সমূহীয়া উদ্যোগত জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আৰু বেদখল নিশ্চিত হোৱাৰ পাছত জিলা প্ৰশাসনৰ সহযোগত অগ্ৰাধিকাৰ ভিত্তিত উচ্ছেদ অভিযান চলাবলৈকো তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে বেদখলমুক্ত কৰিবলৈ লোৱা অঞ্চলত থকা লোকসকলক কমেও এসপ্তাহ পূৰ্বে জাননী দিয়াৰো পোষকতা কৰে।

আনহাতে, সামাজিক বনানিকৰণৰ অধীনত জিলাখনত বৰ্তমান থকা তিনিখন উদ্যানৰ উৎকৃষ্ট ব্যৱস্থাপনাৰ বাবে জৰুৰী ব্যৱস্থা লোৱাৰ লগতে বকোৰ জৈৱ্য বৈচিত্ৰ্য উদ্যানত কমেও এহেজাৰ গছপুলি ৰোৱা, হাতী আৰু বান্দৰৰ বাবে পৰ্যাপ্ত বাঁহ গছ, কল গছ, ঔ টেঙা আৰু কঁঠাল গছ ৰোপণৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। আনহাতে, বালিৰ অবৈধ বেহা ৰোধ কৰিবৰ বাবে ২৪ ঘণ্টীয়া টহলদাৰীৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ আৰু নিৰিখ মতে জৰিমনা বিহিবলৈ সংশ্লিষ্ট বন সংমণ্ডল বিষয়াক বনমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

আৱকাৰী বিভাগৰ পৰ্যালোচনা কালত মন্ত্ৰীগৰাকীয়ে এমাহৰ ভিতৰত চুলাইৰ বেহা বন্ধ কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দুনীৰ্তিৰ আশ্ৰয় লোৱা বুলি প্ৰমাণিত হ’লে তেনে বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়ে। আনহাতে, মীন বিভাগৰ পৰ্যালোচনা কালত পৰ্যাপ্ত পৰিমাণে মীন উৎপাদনৰ বাবে বিশেষ ব্যৱস্থা ল’বলৈকো তেওঁ আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...