হোৱাইট হাউছত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে নিমন্ত্ৰণ পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰক

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত বহিব পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰ। সংবাদ সংস্থা পিটিআইৰ খবৰ অনুসৰি, হোৱাইট হাউচৰ পৰা এই বিষয়ে এখন বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছে। বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে, বুধবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাত হোৱাইট হাউচৰ কেবিনেট ৰুমত মুনীৰৰ বাবে মধ্যাহ্ন ভোজৰ আয়োজন কৰা হৈছে।

পাকিস্তানৰ সংবাদ মাধ্যমে আগতীয়াকৈ জনাইছিল যে, মুনীৰে পাঁচদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ গৈছে। তাৰ পিছত শুনা গৈছিল যে, আমেৰিকাৰ সেনা দিৱসত পাক সেনাপ্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে। যদিও পিছত আমেৰিকাই এই আমন্ত্ৰণৰ খবৰ নাকচ কৰে। শনিবাৰে আমেৰিকাৰ ২৫০সংখ্যক সেনা দিৱসৰ অনুষ্ঠানত মুনীৰক দেখা নগ’ল। কিন্তু এইবাৰ হোৱাইট হাউচে বিজ্ঞপ্তি জাৰি কৰি ট্ৰাম্পৰ সৈতে মুনীৰৰ বৈঠকৰ কথা নিশ্চিত কৰিলে। দুয়োজনৰ মাজত কি বিষয়ে আলোচনা হ’ব পাৰে, তাকে লৈ এতিয়া জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

বিগত এপ্ৰিল মাহত পেহেলগাম আক্ৰমণ আৰু তাৰ পিছত ভাৰতৰ ‘অপাৰেশ্যন সিন্দূৰ’ৰ প্ৰতিক্ৰিয়াৰে নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল। দুদিনীয়া সংঘৰ্ষৰ পিছত দুয়োপক্ষই সংঘৰ্ষবিৰতিত সন্মত হৈছিল। ট্ৰাম্পে দাবী কৰিছিল যে, তেওঁৰ হস্তক্ষেপৰ বাবেই এই সংঘৰ্ষবিৰতি সম্ভৱ হৈছে।

ইৰাণ-ইজৰাইল সংঘাতৰ সময়ত ট্ৰাম্পৰ সৈতে পাক সেনাপ্ৰধানৰ বৈঠকক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। কাৰণ ইছলামাবাদে ইতিমধ্যে ইৰাণত আক্ৰমণ চলোৱাৰ বাবে আমেৰিকাৰ মিত্ৰ দেশ ইজৰাইলৰ সমালোচনা কৰিছে। তাৰোপৰি ইৰাণৰ জাতীয় সুৰক্ষা পৰিষদৰ এজন সদস্যই শেহতীয়াকৈ দাবী কৰিছে যে, পাকিস্তানে প্ৰতিশ্ৰুতি দিছে যে- যদি ইজৰাইলে ইৰাণত পৰমাণু বোমা নিক্ষেপ কৰে, তেন্তে পাকিস্তানে ইজৰাইলক আক্ৰমণ কৰিব। যদিও পাকিস্তানে এই বিষয়ত প্ৰকাশ্যভাৱে মুখ খোলা নাই। স্বীকাৰ বা অস্বীকাৰো কৰা নাই। কিন্তু ইৰাণৰ সেই মন্তব্যৰ সত্যতা নাথাকিলেও এটা স্পষ্ট যে, পাকিস্তানে তেহৰাণৰ কাষত থিয় দিয়াৰ বাৰ্তা দিছে। এই পৰিস্থিতিত মুনীৰৰ সৈতে ট্ৰাম্পৰ এই বৈঠক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...