চাৰি সন্তানক লৈ পাকিস্তানৰ পৰা ভাৰত পালে প্ৰেমিকা

চাৰি সন্তানসহ ভাৰতলৈ আহি আৰক্ষীৰ হাতত আটক হ’ল এগৰাকী পাকিস্তানী মহিলা। গ্ৰেটাৰ নয়দা অঞ্চলত অবৈধভাৱে বসবাস কৰাৰ অভিযোগত আটক কৰা হয় মহিলাগৰাকীৰ লগতে তেওঁৰ সন্তানক। আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেটাৰ নয়দাৰ এজন স্থানীয় বাসিন্দাৰ ঘৰত তেওঁলোক আছিল। সেই যুৱকজনৰ সৈতে মহিলাগৰাকীৰ বাৰ্তালাপ হৈছিল ইণ্টাৰনেটত PUBG খেলৰ জৰিয়তে। গ্ৰেপ্তাৰ নয়দাৰ যিজন বাসিন্দাই মহিলাগৰাকীক থাকিবলৈ দিছিল, তেওঁকো আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনাইছে, উক্ত অঞ্চলত ভাৰাতীয়া হিচাপে থাকে সেই যুৱকজন।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে, অনলাইন PUBG গেমত আলাপ হৈছিল নয়দাৰ যুৱক আৰু পাকিস্তানী মহিলাগৰাকীৰ। তাৰ পিছৰে পৰা সম্পৰ্ক। তেওঁলোকক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীয়ে জানিব পাৰিছে যে চাৰি সন্তাক লৈ পাকিস্তানী মহিলাগৰাকীয়ে নেপাল হৈ উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিছিল বিগত মাহত। তাৰ পিছতে বাছেৰে উত্তৰ প্ৰদেশৰ পৰা গ্ৰেটাৰ নয়দালৈ আহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...