চাৰি সন্তানক লৈ পাকিস্তানৰ পৰা ভাৰত পালে প্ৰেমিকা

চাৰি সন্তানসহ ভাৰতলৈ আহি আৰক্ষীৰ হাতত আটক হ’ল এগৰাকী পাকিস্তানী মহিলা। গ্ৰেটাৰ নয়দা অঞ্চলত অবৈধভাৱে বসবাস কৰাৰ অভিযোগত আটক কৰা হয় মহিলাগৰাকীৰ লগতে তেওঁৰ সন্তানক। আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেটাৰ নয়দাৰ এজন স্থানীয় বাসিন্দাৰ ঘৰত তেওঁলোক আছিল। সেই যুৱকজনৰ সৈতে মহিলাগৰাকীৰ বাৰ্তালাপ হৈছিল ইণ্টাৰনেটত PUBG খেলৰ জৰিয়তে। গ্ৰেপ্তাৰ নয়দাৰ যিজন বাসিন্দাই মহিলাগৰাকীক থাকিবলৈ দিছিল, তেওঁকো আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনাইছে, উক্ত অঞ্চলত ভাৰাতীয়া হিচাপে থাকে সেই যুৱকজন।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে, অনলাইন PUBG গেমত আলাপ হৈছিল নয়দাৰ যুৱক আৰু পাকিস্তানী মহিলাগৰাকীৰ। তাৰ পিছৰে পৰা সম্পৰ্ক। তেওঁলোকক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীয়ে জানিব পাৰিছে যে চাৰি সন্তাক লৈ পাকিস্তানী মহিলাগৰাকীয়ে নেপাল হৈ উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিছিল বিগত মাহত। তাৰ পিছতে বাছেৰে উত্তৰ প্ৰদেশৰ পৰা গ্ৰেটাৰ নয়দালৈ আহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...