চুবুৰীয়া দেশৰ সৈতে ‘স্বাভাৱিক’ সম্পৰ্ক বিচাৰে পাকিস্তানে; মোদীৰ উপস্থিতিত আৰু কি কি ক’লে শ্বেহবাজে?

চীনৰ তিয়ানজিন চহৰত অনুষ্ঠিত শাংহাই সহযোগিতা সংস্থা (এছচিঅ’) সন্মিলনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ ছৰীফে গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত তেওঁ সিন্ধু জলবণ্টন চুক্তিৰ প্ৰসঙ্গ উত্থাপন কৰে। তেওঁ কয় যে, পাকিস্তানে সকলো প্ৰতিবেশী দেশৰ সৈতে স্বাভাৱিক আৰু সু-সম্পৰ্ক বজাই ৰাখিবলৈ ইচ্ছুক। পাকিস্তানক ‘শান্তিপ্ৰিয়’ দেশ বুলি দাবী কৰে শ্বেহবাজে।

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত মে’ মাহত ভাৰত আৰু পাকিস্তানৰ সেনাৰ মাজত সংঘৰ্ষ হৈছিল। চাৰিদিন ধৰি চলা এই সংঘৰ্ষৰ পিছত দুয়োখন দেশ সংঘৰ্ষবিৰতিত সন্মত হয়। সোমবাৰে এছচিঅ’ সন্মিলনত শ্বেহবাজৰ ভাষণত এই প্ৰসঙ্গও উত্থাপিত হয়। কিন্তু তেওঁ প্ৰত্যক্ষভাৱে ভাৰতৰ নাম উল্লেখ কৰা নাছিল। শ্বেহবাজে কয়, “বহুত্ববাদ, আলোচনা আৰু কূটনৈতিক ক্ষমতাৰ ওপৰত পাকিস্তানে সদায় ভৰসা কৰি আহিছে। এককেন্দ্ৰিকতাক কেতিয়াও সমৰ্থন কৰা নাই। তথাপিও, এই অঞ্চলত বিগত কেইমাহমানৰ ভিতৰত কিছু অত্যন্ত অস্বস্তিকৰ ঘটনা সংঘটিত হৈছে। এইবোৰে আমাক মৰ্মাহত কৰিছে। পাকিস্তানে এছচিঅ’ৰ সকলো সদস্য ৰাষ্ট্ৰ আৰু প্ৰতিবেশীৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সমৰ্থন কৰে। আমি সকলো আন্তঃৰাষ্ট্ৰীয় আৰু দ্বিপাক্ষিক জোটক সন্মান কৰোঁ। আশা কৰোঁ, এছচিঅ’ৰ সদস্যসকলেও এই নীতি মানি চলিব।”

সিন্ধুৰ জলচুক্তিৰ বিষয়ে বক্তব্য ৰাখোতে শ্বেহবাজে ভাৰতৰ নাম উল্লেখ কৰা নাছিল। কিন্তু পানী সম্পৰ্কীয় চুক্তিৰ চৰ্ত সকলোৱে মানি চলিবলৈ বাৰ্তা দিছে। তেওঁ কয়, “এছচিঅ’ সদস্যৰ মাজত থকা চুক্তিৰ চৰ্ত অনুসৰি পানীৰ অবাধ আৰু ন্যায়সঙ্গত বণ্টন মানি চলিলে ভৱিষ্যতে এছচিঅ’ৰ কাম অধিক সহজ হ’ব। পাকিস্তানে প্ৰতিবেশীৰ সৈতে স্বাভাৱিক আৰু স্থিতিশীল সম্পৰ্ক বজাই ৰাখিব বিচাৰে। আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো সমস্যাৰ সমাধান বিচাৰোঁ।” দক্ষিণ এছিয়াৰ শান্তি বজাই ৰাখিবলৈ কূটনীতিৰ জৰিয়তে পাকিস্তানে চেষ্টা অব্যাহত ৰাখিব বুলি শ্বেহবাজে দাবী কৰে। তেওঁ কয়, “সমগ্ৰ অঞ্চলৰ উন্নয়ন আৰু দক্ষিণ এছিয়াৰ শান্তি নিশ্চিত কৰিবলৈ পাকিস্তানে চেষ্টা কৰি যাব। আমি শান্তি ভাল পাওঁ। আমি সদায় আলোচনা আৰু কূটনীতিক প্ৰাধান্য দি আহিছোঁ।”

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ভাষণত পশ্চিম এছিয়াৰ সমস্যাৰো উল্লেখ আছিল। প্ৰতিবেশী ইৰানৰ বিৰুদ্ধে ইজৰাইলৰ আগ্ৰাসন আৰু গাজাত প্ৰাণহানিৰ বিৰোধিতা কৰিছে তেওঁ। তেওঁ কয়, “আমাৰ ভাতৃসম এছচিঅ’ সদস্য ৰাষ্ট্ৰ ইৰানৰ বিৰুদ্ধে ইজৰাইলৰ আগ্ৰাসন অযুক্তিকৰ। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। গাজাত চলি থকা দুৰ্ভোগ আৰু দুৰ্ভিক্ষই আমাক বিচলিত কৰিছে। তাত অতি সোনকালে ৰক্তপাত বন্ধ কৰাৰ আহ্বান পুনৰ জনাইছোঁ।”

উল্লেখ্য, এছচিঅ’ সন্মিলনত মোদীয়ে ভাষণ দি পেহেলগাম আক্ৰমণ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ অৱস্থানৰ কথা জনাইছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত তেওঁ কৈছিল, “কিছুমান দেশে যিদৰে খোলাখুলিভাৱে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে, আমি সেইটো মানি ল’ব পাৰোঁনে? পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ কেৱল ভাৰতৰ আত্মাত আঘাত নহয়, বৰঞ্চ মানৱতাত বিশ্বাস কৰা সকলো দেশৰ বিৰুদ্ধে মুকলি প্ৰত্যাহ্বান। আমি নিশ্চিত কৰিব লাগিব যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কোনো দ্বিচাৰিতা সহ্য কৰা নহ’ব।” তথাপিও মোদীয়ে পাকিস্তানৰ নাম উল্লেখ কৰা নাছিল। ইতিমধ্যে, এছচিঅ’ৰ তৰফৰ পৰা পেহেলগাম আক্ৰমণৰ বিৰোধিতা কৰি যুটীয়া বিবৃতি প্ৰকাশ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...