ভাৰতক অশান্ত কৰাৰ ভয়াৱহ ষড়যন্ত্ৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ!

ভাৰতত সন্ত্ৰাসবাদৰ বৃহৎ নেটৱৰ্ক স্থাপনৰ চেষ্টা পাকিস্তানৰ, ভাৰতক অশান্ত কৰাৰ ভয়াৱহ ষড়যন্ত্ৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ। চোৰাংচোৱা সংস্থা (আইবি)ৰ সূত্ৰ অনুসৰি, পাকিস্তানে দাৱত-ই-ইছলামীৰ জৰিয়তে ২,৫০০ তকৈও অধিক লোকৰ শ্লিপাৰ চেল ভাৰতত স্থাপন কৰিছে। এতিয়ালৈকে এয়া হৈছে দেশৰ সন্ত্ৰাসৰ সৰ্ববৃহৎ নেটৱৰ্ক। উদয়পুৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্তত নিয়োজিত সংস্থাসমূহে দেশখনত সক্ৰিয় সন্ত্ৰাসবাদৰ এক বৃহৎ নেটৱৰ্কৰ বিষয়ে জানিব পাৰিছে। উদয়পুৰত কানহাইয়ালালৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰিয়াজ আটাৰী আৰু গৌছ মহম্মদ এই শ্লিপাৰ চেলৰ অংশ। বেছিভাগ শ্লিপাৰ চেল ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, মধ্যপ্ৰদেশ, বিহাৰ, গুজৰাট আৰু কেৰালাৰ। ইয়াৰে পশ্চিমবংগ আৰু কেৰালাত শ্লিপাৰ চেলে সৰ্ববৃহৎ নেটৱৰ্ক স্থাপন কৰিছে। এই নেটৱৰ্কৰ অন্তৰালত পিএফআইৰ লগতে চচিয়েল ডেমক্ৰেটিক পাৰ্টি অফ ইণ্ডিয়াৰ (এছডিপিআই) সৈতেও সম্পৰ্ক আছে। পাকিস্তানৰ ১৮ টা ফোন নম্বৰৰ অনুসন্ধানত প্ৰকাশ পাইছে এই তথ্য। যিসমূহ নম্বৰ ৰিয়াজ আৰু গাউছৰ কল বিৱৰণত পোহৰলৈ আহিছে। এই নম্বৰসমূহৰ সৈতে দেশৰ ২৫ খন ৰাজ্যৰ ৩০০ জন লোকে যোৱা কেইবা বছৰ ধৰি একেৰাহে কথা পাতি আছে। তেওঁলোকৰ কলৰ বিৱৰণত প্ৰায় ৪০০০ সন্দেহজনক নম্বৰ পোৱা গৈছে। তেওঁলোকৰ অনুসন্ধানত, প্ৰথমতে ২৫০০ ৰো অধিক লোকক চিনাক্ত কৰা হৈছে যাৰ কাৰ্যকলাপ সন্দেহজনক। অসমৰ বহু লোকৰ সৈতেও এই নম্বৰ সমূহৰ সৈতে কথা পতাৰ তথ্য পোৱা গৈছে। আই.বি.-ৰ মতে, পি.এফ.আই. সন্ত্ৰাসৰ এই নেটৱৰ্কৰ মুল পৃষ্ঠপোষক। পিএফআইৰ ভাতৃ সংগঠন এছডিপিআইয়ে ৰাজনৈতিক বিষয়ত শ্লিপাৰ চেল নিয়োগ কৰে। এছডিপিআইয়ে নুপুৰ শৰ্মাৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰদৰ্শন কৰিছিল। কানহাইয়ালালৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰিয়াজ আটাৰী ২০১৯ চনত এই সংগঠনটোৰ সৈতে জড়িত আছিল। একেটা গোচৰত এনআইএৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা ফাৰহাদ মহম্মদ শ্বেখো এছডিপিআইৰ সদস্য। সংগঠনটোৰ বেছিভাগ লোক চিমি কেডাৰ আৰু এহল হাদিছ আৰু ছালাফি আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। মন কৰিবলগীয়া যে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবায়েও এহল হাদিছৰ আদৰ্শক মানি চলিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...