আমেৰিকালৈ ডাক সেৱা সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে পাকিস্তানে

ভাৰত, ব্রিটেইন, জাপান, অষ্ট্রেলিয়া, নিউজিলেণ্ডৰ পথ অনুকৰণ কৰিলে পাকিস্তানে। আমেৰিকালৈ চিঠি বা পাৰ্চেল পঠোৱাৰ ক্ষেত্রত বিধিনিষেধ আৰোপ কৰিলে শ্বেহবাজ শ্বৰীফৰ চৰকাৰে। ড’নাল্ড ট্রাম্পৰ নতুন শুল্কনীতিৰ বাবে সাময়িকভাৱে আমেৰিকালৈ ডাক সেৱা স্থগিত ৰাখিবলৈ সিদ্ধান্ত ল’লে পাকিস্তানে।

আমেৰিকাই বিভিন্ন দেশৰ ওপৰত নতুন হাৰত শুল্ক আৰোপ কৰিছে। সেই তালিকাত ভাৰতৰ লগতে পাকিস্তানো আছে। কিন্তু ভাৰতৰ তুলনাত পাকিস্তানৰ ওপৰত বহু কম হাৰত শুল্ক আৰোপ কৰা হৈছে। শুল্ক ঘোষণাৰ সময়ত ট্রাম্পে জনাইছিল যে, ভাৰতে ২৫ শতাংশ হাৰত কৰ দিব লাগিব। আনহাতে, পাকিস্তানৰ পণ্যৰ ওপৰত ১৯ শতাংশ শুল্ক নিৰ্ধাৰণ কৰিছিল আমেৰিকাৰ ৰাষ্ট্রপতিয়ে। পিছত ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰা হয়। ৰাছিয়াৰ পৰা তেল কিনাৰ ‘জৰিমনা’ হিচাপে ভাৰতে এই অতিৰিক্ত শুল্ক দিব লাগিব। ট্রাম্পৰ এই নীতিৰ ফলত ভাৰত-আমেৰিকাৰ সম্পৰ্ক ‘কাঁইটীয়া’ হৈ পৰিছে। কিন্তু এই পৰিস্থিতিত পাকিস্তানৰ সৈতে আমেৰিকাৰ বন্ধুত্ব আৰু ‘গভীৰ’ হৈছে। শেহতীয়াকৈ কেইদিনমানৰ ব্যৱধানত পাকিস্তানৰ সেনাধ্যক্ষ আছিম মুনীৰে দুবাৰ আমেৰিকা ভ্ৰমণ কৰিছে। ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত ইন্ধনৰ চুক্তি স্বাক্ষৰিত হৈছে। তথাপিও পাকিস্তান শুল্কৰ কাঁইটৰ পৰা মুক্ত হ’ব পৰা নাই। ট্রাম্পৰ গুণগান গোৱাৰ পিছতো কোনো লাভ হোৱা নাই।

ট্রাম্পৰ নীতিৰ বাবে পাকিস্তানৰ পৰা আমেৰিকালৈ পঠিওৱা সামগ্ৰীৰ ওপৰত ব্যৱসায়ীৰ পৰা সাধাৰণ মানুহলৈকে অতিৰিক্ত শুল্ক দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ ডাক ব্যৱস্থাতো পৰিছে। কেৱল চিঠিয়েই নহয়, অন্যান্য বহু সামগ্ৰীও ডাকযোগে আমেৰিকালৈ পঠিয়াইছিল পাকিস্তানৰ নাগৰিকে। কিন্তু এতিয়াৰ বাবে সেই ব্যৱস্থা স্থগিত কৰা হৈছে বুলি পাকিস্তানৰ ডাক বিভাগে জনাইছে। ইতিমধ্যে যিসকলে আমেৰিকালৈ চিঠি বা পাৰ্চেল পঠাবলৈ নথিভুক্ত কৰিছিল, তেওঁলোকৰ সামগ্ৰী ঘূৰাই পঠিওৱা হ’ব বুলি স্থানীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে।

ইতিমধ্যে, আমেৰিকালৈ ডাক সেৱা স্থগিত কৰিছে বিশ্বৰ ২৫খনতকৈও অধিক দেশে। ৰাছিয়া, জাৰ্মানী, অষ্ট্ৰিয়া, ফ্ৰান্স, ছিংগাপুৰৰ দৰে দেশসমূহেও একে পথ বাছি লৈছে। এইবাৰ সেই তালিকাত যোগ দিলে পাকিস্তানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...