ট্ৰাম্পক নোবেল বঁটা প্ৰদান কৰিব লাগে বুলি কোৱাৰ দুদিনৰ ভিতৰতে কথা সলালে পাকিস্তানে

ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলাইছে আমেৰিকাই। এই আক্ৰমণৰ নিন্দা জনাই এইবাৰ সৰৱ হৈছে পাকিস্তান। জনাইছে, আন্তৰ্জাতিক আইন মানি তেহৰানৰ প্ৰতিৰক্ষাৰ অধিকাৰ আছে। এই উত্তেজনা যি দৰে বৃদ্ধি পাইছে, তাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে পাকিস্তানে। সামাজিক মাধ্যমত এই বিষয়ে বিবৃতি দিছে পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ে। উল্লেখযোগ্য যে, এদিন পূৰ্বে পাকিস্তানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক নোবেল শান্তি পুৰস্কাৰৰ বাবে প্ৰস্তাৱ দিছিল। তাৰ পিছতেই বিপৰীত স্থিতি ল’লে পাকিস্তানে!

বিগত সপ্তাহত ইজৰাইলৰ সৈতে সংঘাত আৰম্ভ হোৱাৰ সময়ত ইৰাণে পাকিস্তানৰ ওপৰত নিজৰ ভৰসা প্ৰকাশ কৰিছিল। জনাইছিল, ইজৰাইলে যদি তেহৰানত পৰমাণু আক্ৰমণ চলায়, তেন্তে পাকিস্তানে বেঞ্জামিন নেতানিয়াহুৰ দেশত পৰমাণু বোমা নিক্ষেপ কৰিব। কিন্তু দুই দেশৰ সংঘাতৰ পৰিস্থিতিৰ মাজতে পাকিস্তানে জনাইছিল যে, ট্ৰাম্পক নোবেল পুৰস্কাৰ দিয়া উচিত। পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰে আমেৰিকা ভ্ৰমণো কৰিছিল। তাৰ প্ৰতি অসন্তোষ প্ৰকাশ কৰিছিল তেহৰানে। নাম নোলোৱাকৈ পাকিস্তানক বাৰ্তা দিছিল।

দেওবাৰে পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ে এক্সত নিজৰ বিবৃতি পোষ্ট কৰিছে। সেই বিবৃতি পোষ্ট কৰিছে পাকিস্তানৰ বিদেশ মন্ত্ৰী ইশাক দাৰে। বিবৃতিত কোৱা হৈছে, “ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাই চলোৱা আক্ৰমণক পাকিস্তানে নিন্দা জনাইছে। ইজৰাইলৰ আক্ৰমণৰ পিছত আমেৰিকাই এই আক্ৰমণ চলাইছে। এই অঞ্চলত উত্তেজনা যি দৰে বৃদ্ধি পাইছে, সেয়া উদ্বেগজনক।” ইয়াতেই ৰৈ থকা নাই বিদেশ মন্ত্ৰণালয়। আৰু লিখিছে, “আমি স্পষ্ট কৰিছো যে- এনে আক্ৰমণে আন্তৰ্জাতিক আইন উলংঘা কৰিছে। ৰাষ্ট্ৰসংঘৰ চনদ অনুসৰি ইৰাণৰ আত্মৰক্ষাৰ অধিকাৰ আছে।” বিবৃতিত আৰু কোৱা হৈছে, ইৰাণৰ বিৰুদ্ধে চলি থকা আগ্ৰাসন ‘উদ্বেগজনক’। এই উত্তেজনা বৃদ্ধি পালে গোটেই অঞ্চলটোতে ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে পাকিস্তানে। তেওঁলোকৰ বক্তব্য, “আমি মন কৰোঁ, নাগৰিকৰ জীৱন আৰু সম্পত্তিক সন্মান কৰা উচিত। এই সংঘাতৰ এতিয়াই অন্ত পেলাব লাগিব। সকলো পক্ষই আন্তৰ্জাতিক আইন মানি চলা প্ৰয়োজন। বিশেষকৈ আন্তৰ্জাতিক মানৱাধিকাৰ আইন মানি চলা প্ৰয়োজন।” পাকিস্তানে এইটোও জনাইছে যে, আলোচনা আৰু কূটনীতিৰ মাধ্যমেহে এই সংঘাতৰ অন্ত ঘটোৱাটো সম্ভৱ। আৰু সেয়া ৰাষ্ট্ৰসংঘৰ চনদ মানি কৰিব লাগিব।

ইৰাণৰ জাতীয় নিৰাপত্তা পৰিষদৰ সদস্য তথা ইছলামিক ৰেভ’লিউশ্যনাৰী গাৰ্ড ক’ৰৰ (আইআৰজিচি) জ্যেষ্ঠ জেনেৰেল মোহচেন ৰেজাই সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়, “পাকিস্তানে প্ৰতিশ্ৰুতি দিছে, যদি ইজৰাইলে ইৰাণৰ ওপৰত পৰমাণু বোমা নিক্ষেপ কৰে, তেন্তে তেওঁলোকে পৰমাণু অস্ত্ৰৰে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিব।” যদিও বিগত ১৩ জুনত ইজৰাইলে ইৰাণৰ পৰমাণু কেন্দ্ৰত প্ৰত্যক্ষ আক্ৰমণ চলোৱাৰ পিছত পাকিস্তান চৰকাৰৰ কোনো শীৰ্ষ বিষয়াক ৰাজহুৱাকৈ এনে বিবৃতি দিয়া দেখা পোৱা নাই। তথাপি তেহৰানত আক্ৰমণৰ পিছত বৃহত্তৰ মুছলিম ঐক্যৰ স্বাৰ্থত ইৰাণৰ কাষত থিয় হোৱাৰ প্ৰতিশ্ৰুতি দিছিল পাকিস্তানে। এই বিষয়ত পাকিস্তানৰ বিদেশ মন্ত্ৰী দাৰে কয়, “ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ তীব্ৰ নিন্দা জনাওঁ। এই পৰিস্থিতিত পাকিস্তান ইৰাণৰ জনগণৰ কাষত আছে।”

ইজৰাইলৰ আক্ৰমণৰ নিন্দা কৰিলেও আমেৰিকাৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখি চলিছিল পাকিস্তান। বুধবাৰে হোৱাইট হাউচত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক কৰিছিল পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰে। ট্ৰাম্পৰ মধ্যাহ্নভোজৰ আমন্ত্ৰণতহে তেওঁ গৈছিল। তেওঁলোকৰ মাজত কি কথা হৈছিল, পিছত বিবৃতি দি জনাইছিল পাকিস্তানে। এনে পৰিস্থিতিত শনিবাৰে ‘ভাৰত-পাকিস্তানৰ মাজত বুজাবুজি কৰোৱাৰ’ কৃতিত্ব ট্ৰাম্পক দি নোবেল শান্তি পুৰস্কাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম পৰামৰ্শ কৰে ইছলামাবাদে। তাত ইৰাণে প্ৰকাৰান্তৰে অসন্তোষ প্ৰকাশ কৰে। যদিও তেওঁলোকে কাৰো নাম লোৱা নাই। নতুন দিল্লীত ইৰানী দূতাবাসৰ উপপ্ৰধান জাভেদ হোছেইনিয়ে কয়, “যুদ্ধত কোনো তৃতীয় পক্ষ জড়িত হ’লে ভয়ংকৰ পৰিণতি হ’ব।” নোবেল বঁটা প্ৰসংগ মাৰ নৌযাওঁতেই বিপৰীত স্থিতি ল’লে পাকিস্তানে। ইৰাণত আক্ৰমণ চলোৱাৰ বাবে তেওঁলোকে আমেৰিকাৰ নিন্দা কৰিলে। চাপত পৰিয়েই এই কাম কৰিলে নেকি পাকিস্তানে? প্ৰশ্ন উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...