বেয়া দিন চলিছে ইমৰান খানৰ, ধৰ্মদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী!

শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। ধৰ্মদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হ’ব ইমৰান খান। এইকথা প্ৰকাশ কৰিছে পাকিস্তানৰ গৃহমন্ত্ৰী ৰানা চানাউল্লাই। তেওঁ প্ৰকাশ মতে ইমৰান খানৰ নিৰ্দেশত তেওঁৰ একাংশ সমৰ্থকে মদিনাত ৰাজনৈতিক শ্ল’গান দিছিল। সেয়ে ইমৰানৰ বিৰুদ্ধে ধৰ্মদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক। যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ছৌদি আৰবৰ মদিনা ভ্ৰমণলৈ গৈছিল। সেই সময়তে ইমৰানৰ নিৰ্দেশক্ৰমে তেওঁৰ পাকিস্তান তেহৰিক-ই–ইনছাফ দলৰ একাংশ সদস্যই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ অৱমাননা সূচক শ্লোগান দিয়া বুলি ৰানা ছানাউল্লাই অভিযোগ কৰে। ইমৰানৰ লগতে আন ১৫০জনৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

USTM ৰ আচাৰ্য মহবুবুল হকক পুনৰ গ্ৰেপ্তাৰ

বিপদে লগ নেৰা হৈছে আচাৰ্য মহবুবুল হকক। USTM ৰ...

যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, ৰাজপথতেই শেষ হৈ গ’ল ২টাকৈ জীৱন

যোৰহাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আজান গাঁৱৰ সমীপত নিয়ন্ত্ৰণ...

১২ কোটি টকাৰ ৰ’লছ ৰয়ছ কালিনান ক্ৰয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী উৰ্বশী ৰাউটেলা

বলীউড অভিনেত্ৰী উৰ্বশী ৰাউটেলা শেহতীয়াকৈ তেওঁৰ চিনেমা ‘ডাকু মহাৰাজ’...

IPLত ভাগ ল’বৰ বাবে দেশৰ দলৰ হৈ নেখেলে ৫ ক্ৰিকেটাৰে…

IPL ২০২৫ ওচৰ চাপি অহাৰ লগে লগে ক্ৰিকেট জগতত...