পাকিস্তানৰ পৰা নিক্ষেপ কৰিলে আঘাত হানিব পাৰে আমেৰিকাত; পাকিস্তানে বনাইছে গোপন ক্ষেপণাস্ত্ৰ

পাকিস্তানে ইন্টাৰ-কন্টিনেন্টাল বেলিষ্টিক ক্ষেপণাস্ত্ৰ (আইচিবিএম) নিৰ্মাণ কৰি আছে। ই এনে ক্ষেপণাস্ত্ৰ যিটো পাকিস্তানৰ পৰা উৎক্ষেপণ কৰিলে আমেৰিকাত গৈ পৰিব! এই দাবী কৰা হৈছে এখন মাৰ্কিন গোপনীয় প্ৰতিবেদনত। এই ধৰণৰ ক্ষেপণাস্ত্ৰ পাকিস্তানে নিৰ্মাণ কৰি পেলালে, দেশখনক পাৰমাণৱিক প্ৰতিপক্ষ হিচাপে ঘোষণা কৰিবলগীয়া হ’ব ৱাশ্বিংটনে। অৰ্থাৎ, পাকিস্তানক আৰু কেতিয়াও ‘বন্ধু’ বুলি ক’ব নোৱাৰিব আমেৰিকাই। আমেৰিকা পৰ্যন্ত টাৰ্গেট কৰিব পৰা আইচিবিএমৰ অধিকাৰী কোনো দেশ ৱাশ্বিংটনৰ ঘোষিত বন্ধু নহয়। মাৰ্কিন পত্ৰিকা ‘ফৰেন এফেয়াৰ্ছ’ত এই গোপনীয় প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।

প্ৰতিবেদনত কোৱা হৈছে, “পাকিস্তানৰ সেনাবাহিনীয়ে এনে এটা আইচিবিএম নিৰ্মাণ কৰি আছে, যিটোৱে মহাদেশীয় আমেৰিকা যুক্তৰাষ্ট্ৰ পৰ্যন্ত আঘাত হানিব পাৰে। আমেৰিকাৰ গোপনীয় সংস্থাবোৰে এই সিদ্ধান্তত উপনীত হৈছে।” এই ধৰণৰ ক্ষেপণাস্ত্ৰ ভৱিষ্যতে ভাৰতৰ বিৰুদ্ধেও ব্যৱহাৰ হ’ব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে, পাকিস্তানে যদি আইচিবিএম নিৰ্মাণ কৰে, তেন্তে তেওঁলোকক পৰমাণৱিক প্ৰতিপক্ষ হিচাপে ঘোষণা কৰাৰ বাহিৰে আমেৰিকাৰ আন কোনো উপায় নাথাকিব। এতিয়ালৈকে আমেৰিকাৰ ঘোষিত প্ৰতিপক্ষ তিনিখন দেশ— ৰাছিয়া, চীন আৰু উত্তৰ কোৰিয়া।

আইচিবিএম কি?

৫,৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত থকা লক্ষ্যবস্তুত নিখুঁতভাৱে টাৰ্গেট কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰক আইচিবিএম বুলি কোৱা হয়। ‘ইন্টাৰকন্টিনেন্টল’ বা ‘আন্তঃমহাদেশীয়’ ক্ষেপণাস্ত্ৰ দূৰৈত শত্ৰু দেশত আঘাত হানিবলৈ ব্যৱহাৰ কৰা হয়। এখন মহাদেশৰ পৰা আন এখন মহাদেশত উৎক্ষেপণ কৰিব পৰা এই ক্ষেপণাস্ত্ৰত সাধাৰণ ক্ষেপণাস্ত্ৰৰ লগতে পৰমাণৱিক অস্ত্ৰও ব্যৱহাৰ কৰিব পৰা যায়। পাকিস্তানৰ হাতত এতিয়ালৈকে আইচিবিএম নাই। মাৰ্কিন গোপনীয় সংস্থাবোৰে দাবী কৰিছে যে, গোপনে এই শক্তিশালী অস্ত্ৰ নিৰ্মাণৰ কাম চলাই আছে ইছলামাবাদে। যিকোনো দিন তেওঁলোকে বিস্ময় জগাই দিব পাৰে।

আইচিবিএম হৈছে দূৰ লক্ষ্যৰ ক্ষেপণাস্ত্ৰ। ২০২২চনত পাকিস্তানৰ ভূমিৰ পৰা শ্বাহীন-৩ নামৰ এটা ক্ষেপণাস্ত্ৰ পৰীক্ষামূলকভাৱে সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। এই ক্ষেপণাস্ত্ৰই ২,৭০০ কিলোমিটাৰ দূৰৈৰ লক্ষ্যবস্তুত আঘাত হানিব পাৰে। ভাৰতৰ একাধিক চহৰ এই ক্ষেপণাস্ত্ৰৰ টাৰ্গেটৰ অধীনত আছে। তথাপিও নতুনকৈ বনাই থকা এই ক্ষেপণাস্ত্ৰ পাকিস্তানৰ হাতলৈ আহিলে, সেয়া নতুন দিল্লীৰ বাবেও উদ্বেগৰ কাৰণ হ’ব পাৰে বুলি বহুতে ভাৱে। সেই ক্ষেত্ৰত আমেৰিকা আৰু পাকিস্তানৰ সম্পৰ্কৰ নতুন সমীকৰণ কি হ’ব, তাকলৈও চিন্তা কৰিছে ভূ-ৰাজনৈতিক পৰ্যবেক্ষকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...