‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজনত অভিনয় কৰি কিমান টকা উপাৰ্জন কৰিলে সচিবজীয়ে?

তৃতীয় ছিজনৰ মুক্তিৰ পিছত এবছৰৰ অপেক্ষাৰ অন্ত পৰিছে। সোমবাৰে মাজ নিশা OTTৰ পৰ্দাত মুক্তি পাইছে ‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজন। এই ছিজনক লৈ দৰ্শকৰ আগ্ৰহ আছিল অতুলনীয়। কাহিনী কোন দিশে গতি কৰিব, তাক জানিবলৈ সকলো উৎকণ্ঠিত হৈ আছিল। নতুন ছিজনৰ মুক্তিৰ লগে লগে প্ৰিয় তাৰকাৰ পাৰিশ্ৰমিকৰ বিষয়েও ‘পঞ্চায়ত’প্ৰেমীৰ মনত কৌতূহল জাগিছে। ৮টা পৰ্বত অভিনয় কৰি উপাৰ্জনৰ ফালৰ পৰা কোন আগবাঢ়ি আছে?

২০২০ চনত ‘পঞ্চায়ত’ ৱেব ছিৰিজৰ প্ৰথম ছিজন মুক্তি পাইছিল। ফুলেৰা গাঁৱৰ প্ৰধান মঞ্জুদেৱীৰ চৰিত্ৰত অভিনয় কৰি নীনা গুপ্তাই তেতিয়াই সকলোৰে মন জয় কৰিছিল। যদিও গাঁৱৰ প্ৰধান হ’লেও, মঞ্জুদেৱীৰ স্বামীকেই গাঁৱৰ লোকে ‘প্ৰধানজী’ বুলি সম্বোধন কৰে।

‘পঞ্চায়ত’ ছিৰিজত প্ৰধানজীৰ চৰিত্ৰত অভিনয় কৰিছে ৰঘুবীৰ যাদৱে। OTTৰ পৰ্দাত নীনা আৰু ৰঘুবীৰৰ যুটিয়ে দৰ্শকৰ পৰা প্ৰচুৰ আদৰ লাভ কৰিছে। জানিব পৰা গৈছে যে, ছিৰিজত অভিনয় কৰি তেওঁলোকে একে পাৰিশ্ৰমিক পোৱা নাই।

সূত্ৰৰ তথ্য অনুসৰি, ‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজনৰ প্ৰতিটো খণ্ডত অভিনয় কৰি নীনাই ৫০হাজাৰ টকা পাৰিশ্ৰমিক পাইছে।

 ‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজনত অভিনয় কৰি নীনাতকৈ কম উপাৰ্জন কৰিছে ৰঘুবীৰে। জানিব পৰা গৈছে, তেওঁ প্ৰতিটো খণ্ডত ৪০ হাজাৰ টকা আয় কৰিছে।

‘পঞ্চায়ত’ ছিৰিজত অভিনয় কৰি কম সময়ৰ ভিতৰতে সকলোৰে প্ৰিয় হৈ পৰিছে ফয়জল মালিক। এই ছিৰিজত তেওঁ প্ৰহ্লাদ ছাৰৰ চৰিত্ৰত অভিনয় কৰিছে। দীঘলীয়া শৰীৰৰ প্ৰহ্লাদ ছাৰৰ তুলাৰ দৰে কোমল মনটোৱে দৰ্শকক আৰু বেছি আকৰ্ষিত কৰিছে।

‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজনৰ প্ৰতিটো খণ্ডত অভিনয় কৰি ফয়জলে ২০ হাজাৰ টকা পাৰিশ্ৰমিক পাইছে।

‘পঞ্চায়ত’ ৱেব ছিৰিজৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল চন্দন ৰায়ে। তাৰ পিছত একাধিক ছিৰিজ আৰু চিনেমাত অভিনয় কৰিছে তেওঁ।

 ‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজনত অভিনয় কৰি ফয়জলৰ দৰে চন্দনেও ২০ হাজাৰ টকা আয় কৰিছে।

‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজনত অভিনয় কৰি পাৰিশ্ৰমিকৰ ফালৰ পৰা সকলোতকৈ আগবাঢ়ি আছে জীতেন্দ্ৰ কুমাৰ। এই ছিৰিজৰ মুখ্য চৰিত্ৰ সচিবজীৰ ভূমিকাত দেখা গৈছে তেওঁক।

পাঁচ বছৰ ধৰি ফুলেৰা গাঁৱৰ সচিবৰ ভূমিকাত অভিনয় কৰি আছে জীতেন্দ্ৰই। ‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজনত অভিনয় কৰি তেওঁ মুঠ ৫.৫ লাখ টকা উপাৰ্জন কৰিছে বুলি শুনা গৈছে।

 ‘পঞ্চায়ত’ৰ চতুৰ্থ ছিজনৰ প্ৰতিটো খণ্ডত অভিনয়ৰ বাবে জীতেন্দ্ৰক প্ৰযোজনা সংস্থাৰ ফালৰ পৰা ৭০ হাজাৰ টকা পাৰিশ্ৰমিক দিয়া হৈছে।

‘পঞ্চায়ত’ত অভিনয় কৰি দৃষ্টি আকৰ্ষণ কৰিছে সানভিকা (চৰিত্ৰৰ নাম ৰিংকি), অশোক পাঠক (চৰিত্ৰৰ নাম বিনোদ), পঙ্কজ ঝা (চৰিত্ৰৰ নাম চন্দু), সুনীতা ৰাজৱাৰ (চৰিত্ৰৰ নাম ক্ৰান্তিদেৱী), দুৰ্গেশকুমাৰ (চৰিত্ৰৰ নাম বনৰাকছ)ৰ লগতে আৰু বহুতো। তথাপিও তেওঁলোকৰ পাৰিশ্ৰমিকৰ বিষয়ে এতিয়ালৈকে একো জানিব পৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...