চলিত মাহৰ অন্তত আমেৰিকালৈ যাব পাক সেনাৰ মুৰব্বী মুনীৰ

পাকিস্তানৰ সেনাপ্ৰধান ফিল্ড মাৰ্শ্বাল আচিম মুনীৰে আকৌ এবাৰ আমেৰিকালৈ যাত্ৰা কৰিব। বিগত দুই মাহৰ ভিতৰত এয়া তেওঁৰ দ্বিতীয়টো আমেৰিকা ভ্ৰমণ। বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আমদানিৰ বাবে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপৰ ঘোষণা কৰিছিল। এই অতিৰিক্ত শুল্কৰ ফলত ২৭ আগষ্টৰ পৰা ভাৰতে আমেৰিকালৈ সামগ্ৰী ৰপ্তানিৰ বাবে মুঠ ৫০ শতাংশ শুল্ক দিব লাগিব। এনে পৰিস্থিতিত মুনীৰৰ এই ভ্ৰমণক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

চলিত মাহৰ শেষত আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডৰ কমাণ্ডাৰ জেনেৰেল মাইকেল কুৰিল্লাই অৱসৰ গ্ৰহণ কৰিব। প্ৰাথমিক তথ্য অনুসৰি, মুনীৰে এই সেনা বিষয়াৰ বিদায় সম্বৰ্ধনাত অংশগ্ৰহণ কৰিব। ইতিপূৰ্বে কুৰিল্লাই সন্ত্ৰাসবাদ দমনত পাকিস্তানৰ ভূমিকাৰ প্ৰশংসা কৰি কৈছিল যে, পাকিস্তান বিশ্বৰ সন্ত্ৰাসবাদ দমনৰ এজন গুৰুত্বপূৰ্ণ সহযোগী। তেওঁ এইটোও কৈছিল যে, আমেৰিকাই পাকিস্তান আৰু ভাৰতৰ সৈতে সম্পৰ্ক বজাই ৰাখিব লাগে। পেহেলগাম ঘটনাৰ পিছত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানক অকলশৰীয়া কৰিবলৈ বিভিন্ন দেশলৈ প্ৰতিনিধি পঠিয়াই থকাৰ সময়ত কুৰিল্লাৰ এই মন্তব্যই হৈ-চৈৰ সৃষ্টি কৰিছিল। এইবাৰ মুনীৰ তেওঁৰ বিদায়ী অনুষ্ঠানত অংশ ল’বলৈ আমেৰিকালৈ যাব।

কুৰিল্লা পশ্চিম এছিয়াত আমেৰিকাৰ সামৰিক কাৰ্যকলাপৰ তদাৰকৰ দায়িত্বত আছে। শেহতীয়াকৈ পেন্টাগনৰ গোপনীয় তথ্যৰ সহায়ত পাকিস্তানৰ সেনাই সন্ত্ৰাসবাদী সংগঠন আই এছ-খোৰাচানৰ পাঁচজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল। সেইবাবে কুৰিল্লাই পাকিস্তানৰ প্ৰশংসা কৰিছিল। প্ৰতিদানত পাকিস্তানেও তেওঁক দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-ইমতিয়াজ’ প্ৰদান কৰিছিল। কূটনৈতিক পৰ্যবেক্ষকৰ কিছুমানে ধাৰণা কৰে যে, কুৰিল্লাই ভাৰত আৰু পাকিস্তানক একেটা বন্ধনীত ৰখাৰ পুৰণি আমেৰিকাৰ কৌশলৰ পুনৰাবৃত্তি কৰিছে।

ইতিপূৰ্বে জুন মাহত পেহেলগামত সন্ত্ৰাসবাদী হামলাৰ পিছত মুনীৰে আমেৰিকা ভ্ৰমণ কৰিছিল। সেইবাৰ তেওঁ ট্ৰাম্পৰ সৈতে মধ্যাহ্নভোজত অংশ লৈছিল। কোনো চৰকাৰী বিষয়াৰ উপস্থিতি অবিহনে আমেৰিকাৰ কোনো ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ সেনাপ্ৰধানক আদৰণি জনাইছিল। ট্ৰাম্পে ভাৰত-পাকিস্তানৰ উত্তেজনা হ্ৰাস কৰাত মুনীৰৰ ভূমিকাৰ প্ৰশংসা কৰিছিল। ঘটনাক্ৰমে, তাৰ পিছত মুনীৰে পৰমাণু যুদ্ধ ৰোধ কৰাৰ বাবে ট্ৰাম্পক নোবেল শান্তি পুৰস্কাৰৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। কিছুদিন পিছত পাকিস্তান চৰকাৰে আনুষ্ঠানিকভাৱে ট্ৰাম্পক নোবেলৰ বাবে মনোনীত কৰে।

বৃহস্পতিবাৰে ট্ৰাম্পে পাকিস্তানৰ সৈতে এক বাণিজ্যিক চুক্তি স্বাক্ষৰৰ কথা ঘোষণা কৰিছিল। এই চুক্তি অনুসৰি পাকিস্তানৰ তৈলভাণ্ডাৰৰ উন্নয়নৰ বাবে আমেৰিকা আৰু পাকিস্তানে যৌথভাৱে কাম কৰিব। কিন্তু ট্ৰাম্পে উল্লেখ কৰা এই ‘বিশাল তৈলভাণ্ডাৰ’ পাকিস্তানত আছে নে নাই, তাৰ ওপৰত সন্দেহ আছে। একেদিনাই ট্ৰাম্প প্ৰশাসনে পাকিস্তানৰ ওপৰত পাৰস্পৰিক শুল্কৰ হাৰ হ্ৰাস কৰি ১৯ শতাংশ কৰিছে। দক্ষিণ এছিয়াৰ দেশবোৰৰ ভিতৰত পাকিস্তানৰ ওপৰতেই আমেৰিকাই সৰ্বনিম্ন পাৰস্পৰিক শুল্ক আৰোপ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...